অসম

assam

ETV Bharat / state

কন্যা শিশু নিৰুদ্দেশ হৈ থকাক লৈ মহিলা কংগ্ৰেছৰ উদ্বেগ - Kakpathar Block Womens Congress PC

কন্যা শিশু নিৰুদ্দেশ হৈ থকাৰ বিষয়ক লৈ তিনিচুকীয়াত কাকপথাৰ ব্লক মহিলা কংগ্ৰেছে সম্বোধন কৰে সংবাদমেল । কন্যা শিশু নিৰুদ্দেশ হৈ থকাৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰে কাকপথাৰ ব্লক মহিলা কংগ্ৰেছে ।

Mahila Congress concerns over missing girl child
কন্যা শিশু নিৰুদ্দেশ হৈ থকাক লৈ মহিলা কংগ্ৰেছৰ উদ্বেগ

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 10:38 PM IST

কন্যা শিশু নিৰুদ্দেশ হৈ থকাক লৈ মহিলা কংগ্ৰেছৰ উদ্বেগ

তিনিচুকীয়া,২১ নৱেম্বৰ:তিনিচুকীয়া জিলাৰ ডুমডুমা অঞ্চলৰ পৰা কন্যা শিশু নিৰুদ্দেশ হৈ থকাৰ বিষয়ক লৈ আজি ডুমডুমাৰ ৰাজীৱ ভৱনত কাকপথাৰ ব্লক মহিলা কংগ্ৰেছে এখন সংবাদমেল অনুষ্ঠিত কৰে । সংবাদমেলত কিছুদিন ধৰি ডুমডুমা অঞ্চলৰ পৰা কন্যা শিশু নিৰুদ্দেশ হৈ থকাৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰি গৃহ বিভাগৰ বিফলতাৰ ফলতেই এনেধৰণৰ ঘটনা সংঘটিত হৈ থকাৰ কথা উল্লেখ কৰে ।

উল্লেখ্য যে, দুৰ্গা পূজাৰ মাজতে ২৪ অক্টোবৰত ৰূপাই চাইডিঙৰ আই.টি.বি.পি. কেম্পৰ কাষৰ মদন শ্বাহৰ কন্যা ৰশ্মি শ্বাহ নিৰুদ্দেশ হৈছিল । সেই কিশোৰীগৰাকীক আজি পৰ্যন্ত সন্ধান উলিয়াব নোৱাৰাৰ বাবেও উদ্বেগ প্ৰকাশ কৰিছে মহিলা কংগ্রেছে । সংবাদমেলত কাকপথাৰ ব্লক মহিলা কংগ্রেছে কয়- "কন্যা শিশু সৰবৰাহকাৰী হিচাপে বহিঃৰাজ্যলৈ যোগান ধৰাৰ অপৰাধত হাতেলোতে ধৰাপৰি কেইবাজনো লোকক জেল হাজোতলৈ প্রেৰণ কৰা হৈছে ।"

লগতে তেওঁ কয়, "সম্ভৱত এই ৰশ্মি শ্বাহো তেনে দুষ্টচক্ৰৰ কবলত পৰাৰ কথাক নুই কৰিব নোৱাৰি । আমাৰ অনুভৱ হয়, তদন্তৰ গতি লেহেমীয়া হৈছে, সেয়ে আমি দাবী আৰু আহ্বান জনাব বিচাৰো ৰশ্মি শ্বাহৰ সন্ধান উলিওৱাৰ ক্ষেত্ৰত স্নিফাৰ ডগ আৰু ছেটেলাইট ইমেজ ব্যৱহাৰ যোগে অতি ক্ষীপ্র গতিত তদন্ত কৰিব লাগে । লগতে এই সম্বন্ধীয় ঘটনাৰ যাবতীয় তথ্য পাবলৈ জিলা শিশু সুৰক্ষা কাৰ্যালয় তিনিচুকীয়া জিলাৰ লগত যোগাযোগ কৰিলেই বহু কথা পোহৰলে আহিব । যিহেতু তিনিচুকীয়াস্থিত এই কাৰ্যালয়ে ৭ নৱেম্বৰত অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইৰ পৰা বহু সংখ্যক কন্যা শিশু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।"

এই সন্দৰ্ভত ডুমডুমা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীলৈ কাকপথাৰ ব্লক মহিলা কংগ্ৰেছ সমিতিয়ে এক আবেদনো জনায় । লগতে অসম চৰকাৰৰ গৃহমন্ত্ৰী, শ্রম তথা শিশু কল্যাণ বিভাগৰ মন্ত্রী, তিনিচুকীয়া জিলা আয়ুক্ত, তিনিচুকীয়া আৰক্ষী অধীক্ষক, তিনিচুকীয়া জিলা শিশু সুৰক্ষাৰ কাৰ্যালয়ৰ লগতে তিনিচুকীয়াৰ মানৱ অধিকাৰ সংস্থালৈ প্ৰতিলিপি প্ৰেৰণ কৰাৰ কথা জানিব দিয়ে ।

লগতে পঢ়ক:চাৰিচকীয়া বাহনত ওলাল গৰু, পলাতক গৰু চোৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details