তিনিচুকীয়া, 14 নবেম্বৰ : আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত মাগুৰি মতাপুং বিল । শীতৰ আগমনৰ লগে লগেই বিলখনলৈ আগমন ঘটে বিভিন্ন প্ৰজাতিৰ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ ৷ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিবছৰেই নানা ৰঙী চৰাইয়ে এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰে মাগুৰি মতাপুং বিলত । তিনিচুকীয়া চহৰৰ পৰা প্ৰায় ১০-১১ কিলোমিটাৰ নিলগত অৱস্থিত এই বিলখনৰ পৰিভ্ৰমী পক্ষীৰ বিচৰণ উপভোগ কৰিবলৈ প্ৰতিবছৰে আগমন ঘটে দেখি বিদেশী পৰ্যটকৰ । এইবাৰ বাঘজন তৈলখাদৰ অগ্নিকাণ্ডৰ বাবে বিলখনৰ যথেষ্ট প্ৰভাৱ পৰিছে । যাৰ বাবে বিগত বৰ্ষসমূহতকৈ কিছু হ্ৰাস পাইছে পক্ষীৰ আগমন ।
আজিও জ্বলি আছে অভিশপ্ত বাঘজানৰ জুই । ১৭১ দিন পাৰ হ’ল, জুই নিৰ্বাপনৰ ক্ষেত্ৰত অহৰহ প্ৰচেষ্টা চলাই আছে যদিও সফল হোৱা নাই অইল কৰ্তৃপক্ষ । বাঘজান BGR 5 No তৈলখাদত সংঘটিত হোৱা ঘটনাৰ ফলত প্ৰভাৱত পৰিছে বিখ্যাত ডিব্ৰু-ছৈখোৱা,মাগুৰি মতাপুং বিল আৰু বাঘজানৰ পাৰ্শ্বৱৰ্তী অঞ্চলত ৷ বাঘজান, নতুন ৰঙাগড়া, বাৰেকুৰীৰ অঞ্চলৰ কৃষিভূমিৰ লগতে চাহ বাগিছা, তামোল-নাৰিকলৰ বাগান আদিত প্ৰভাৱ পৰিছে এই জুইৰ ৷