অসম

assam

ETV Bharat / state

তিনিচুকীয়াৰ বিলাসী হোটেলত ওলমিল তলা - অনুজ্ঞাপত্ৰবিহীনভাৱে সুৰা বিক্ৰী

অনুজ্ঞাপত্ৰ অবিহনে অবৈধভাৱে সুৰা বিক্ৰী কৰি শলঠেকত পৰিছে বিলাসী হোটেল ৷ তিনিচুকীয়াৰ আবকাৰী বিভাগে মাকুম পথত থকা "দ্য মিৰাণা" নামৰ বিলাসী হোটেলখন ছীল কৰে (luxury hotel sealed for selling liquor without license) ৷

Hotel sealed in tsk
Hotel sealed in tsk

By

Published : Jun 13, 2022, 1:18 PM IST

তিনিচুকীয়া, 13 জুন : অবৈধভাৱে সুৰা বিক্ৰী কৰিছে শলঠেকত পৰিছে বিলাসী হোটেল ৷ অবৈধভাৱে সুৰা বিক্ৰীৰ বিৰুদ্ধে তিনিচুকীয়া জিলা প্ৰশাসন, আবকাৰী বিভাগৰ কঠোৰ অভিযান অব্যাহত ৰখাৰ সময়তে তিনিচুকীয়াত ইখনৰ পিছত সিখন বিলাসী হোটেলত ওলমিছে তলা (Luxury hotel sealed in Tinisukia) ৷

luxury hotel sealed accused of selling liquor without license

শনিবাৰে নিশা তিনিচুকীয়াৰ মাকুম পথত থকা "দ্য মিৰাণা" নামৰ বিলাসী হোটেলখনত অনুজ্ঞাপত্ৰ অবিহনে সুৰা বিক্ৰী কৰাৰ অভিযোগত কাৰ্যবাহী দণ্ডাধীশ নিলুৰাম শৰ্মাৰ উপস্থিতিত আবকাৰী বিভাগে অভিযান চলায় ৷ এই এই অভিযানত দলটোৱে হোটেলখনৰ পৰা 50 বটল হুইস্কী, 100 বটল বীয়েৰৰ লগতে বিদেশী সুৰাৰ বটল উদ্ধাৰ কৰে ৷ ইতিমধ্যে কায্যবাহী দণ্ডাধীশে অনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰি বিলাসী হোটেলখন ছীল কৰিবলৈ নিৰ্দেশ দিয়ে (Hotel sealed accused of selling liquor without license)৷

Hotel sealed in tsk

কাৰ্যবাহী দণ্ডাধীশগৰাকীয়ে বিলাসী হোটেলখনৰ বিৰুদ্ধে আবকাৰী আইনৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷ ইফালে যোৱা সপ্তাহত মাকুমস্থিত অন্য এখন বিলাসী হোটেল "দ্য অপুচ্‌" ত তলা ওলমাই দণ্ডাধীশ নিলুৰাম শৰ্মাই ৷ 2 জুনত নিশা হোটেলখনত দণ্ডাধীশসহ আবকাৰী বিভাগৰ দল উপস্থিত হৈ হোটেলখনত অভিযান চলায় বৃহৎ সংখ্যক সুৰাৰ বটল উদ্ধাৰ কৰা হৈছিল ৷ ইয়াৰ পিছতে 5 জুনত হোটেলখন ছীল কৰে আবকাৰী বিভাগে ৷

লগতে চাওক :ব্ৰাউন চুগাৰসহ দুই মহিলাক আটক ৰে’ল আৰক্ষীৰ

ABOUT THE AUTHOR

...view details