মাৰ্ঘেৰিটা, 11 ফেব্ৰুৱাৰী:কয়লা চিণ্ডিকেটক লৈ বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ৷ 2016 চনৰ পৰা বিজেপি চৰকাৰে কয়লাৰ চিণ্ডিকেট আৰম্ভ কৰি সমগ্ৰ উত্তৰ পূবৰ কয়লা ক্ষেত্ৰ খনক ধ্বংসৰ গৰাহলৈ থেলি দিয়া বুলি কটাক্ষ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে ৷
বৃহস্পতিবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত নিৰ্বাচনী ৰণশিঙা বজাই ভাষন প্ৰসংগত গগৈয়ে এই মন্তব্য কৰে ৷ উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চত অনুষ্ঠিত জাতীয় জাগৰণ সমাবেশত মাৰ্ঘেৰিটাৰ কয়লাৰ ওপৰত ভাষণ প্ৰদান কৰি এই কয়লাৰ ভাগ হিমন্ত আৰু সৰ্বানন্দই পাই কটাক্ষ কৰাৰ লগতে কয়লা চিণ্ডিকেটৰ ধনেৰে বিজেপিয়ে আগন্তুক বিধানসভা নিৰ্বাচন খেলিব বুলিও মন্তব্য কৰে ৷
বিজেপি কাৰোৰে মিত্ৰ নহয় বুলি মন্তব্য কৰি গগৈয়ে জানিবলৈ দিয়ে যে বিপিএফকে ধৰি অন্যান্য আঞ্চলিক ৰাজনৈতিক দল সমূহৰ সৈতে জাতীয় পৰিষদে মিত্ৰতা সন্দৰ্ভত কথা পাতিছে আৰু আগন্তুক অসম বিধানসভা নিৰ্বাচনত অসমত একত্ৰিত আঞ্চলিক শক্তিৰ চৰকাৰ হোৱাটো নিশ্চিত ৷