অসম

assam

By

Published : Dec 11, 2020, 10:26 PM IST

ETV Bharat / state

অসমীয়া জাতীয় জীৱনত আপোচবিহীন অপৰাজেয় সৈনিক হ'ব বিচাৰো : লুৰিণজ্যোতি গগৈ

লুৰিণজ্যোতি গগৈক শুকুৰবাৰ তিনিচুকীয়াতো ৰাজহুৱা বিদায় সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানৰ শেষত সাংবাদিকক সম্বোধন কৰি অসমীয়া জাতীয় জীৱনত এজন আপোচবিহীন অপৰাজেয় সৈনিক হোৱা ইচ্ছাৰ কথাও প্ৰকাশ কৰিলে লুৰিণজ্যোতি গগৈয়ে ৷

lurinjyoti gogoi at tinisukia
অসমীয়া জাতীয় জীৱনত আপোচবিহীন অপৰাজেয় সৈনিক হ'ব বিছাৰো

তিনিচুকীয়া, 11 ডিচেম্বৰ : সদৌ অসম ছাত্ৰ সন্থা প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈক শুকুৰবাৰে তিনিচুকীয়াতো ৰাজহুৱা বিদায় সম্বৰ্ধনা জনোৱা হয় ৷ অসমৰ বিভিন্ন জিলাৰ দৰে তিনিচুকীয়াত সদৌ অসম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ সমিতি, বিভিন্ন জাতীয় দল-সংগঠন আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীয়ে প্ৰথমে বৰলাইপুলিৰ লুৰিণজ্যোতি গগৈৰ বাসগৃহৰ পৰা এক বিশাল বাইক ৰেলীৰে থানা চাৰিআলিত উপস্থিত হয় ।

অসমীয়া জাতীয় জীৱনত আপোচবিহীন অপৰাজেয় সৈনিক হ'ব বিছাৰো

ইয়াৰ পিচতে গায়ন-বায়নেৰে চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ পদযাত্ৰাৰে লুৰিণজ্যোতি গগৈক আদৰি নিয়ে আছু কৰ্মী সকলে । তেখেতৰ এই বিদায় সম্বৰ্ধনা অনুষ্ঠানত তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত ৰানা চাংমাই, চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা আৰু কেইবাটাও দল-সংগঠনৰ নেতৃত্ব উপস্থিত থাকে ।

ইফালে, অনুষ্ঠানৰ শেষত সাংবাদিকক সম্বোধন কৰি লুৰিণজ্যোতি গগৈয়ে কয়, 'ৰাইজৰ মৰম আৰু উপস্থিতিয়ে মোৰ দায়িত্ব অধিক বৃদ্ধি কৰিছে' ৷ তদুপৰি অসমীয়া জাতীয় জীৱনত এজন আপোচবিহীন অপৰাজেয় সৈনিক হোৱা ইচ্ছাৰ কথাও প্ৰকাশ কৰিলে লুৰিণজ্যোতি গগৈয়ে ৷

লগতে পঢ়কঃচাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা ডাঃ অজন্তা হাজৰিকাৰ স্বামীক আটক

ABOUT THE AUTHOR

...view details