অসম

assam

ETV Bharat / state

Love Jihad in Digboi: ভুৱা পৰিচয়ৰে হিন্দু যুৱতীৰ সৈতে বিবাহত বহিল যুৱক, এজাহাৰ দাখিল - লাভ জেহাদ

তিনিচুকীয়া জিলাৰ ডিগবৈ অঞ্চলত লাভ জেহাদৰ দৰে ঘটনা সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ ৷ এজন ইছলাম ধৰ্মৰ যুৱকে নিজকে হিন্দুৰ পৰিচয় প্ৰদান কৰি এগৰাকী যুৱতীক প্ৰেমৰ জালত পেলাই বিবাহ পাশত আবদ্ধ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷

Love Jihad in Digboi
লাভ জেহাদৰ ঘটনা

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 9:02 PM IST

তিনিচুকীয়া জিলাৰ ডিগবৈত লাভ জেহাদৰ ঘটনা

তিনিচুকীয়া, 9 নৱেম্বৰ :ৰাজ্যত পুনৰ সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাতো সময়ে সময়ে লাভ জেহাদৰ দৰে ঘটনা সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ তেনে এক লাভ জেহাদৰ ঘটনাৰ অভিযোগ উত্থাপিত হৈছে তিনিচুকীয়া জিলাৰ ডিগবৈ অঞ্চলত ৷ ডিগবৈৰ বগাপানী অঞ্চলৰ জনৈক দাস নামৰ এগৰাকী যুৱতীক এজন ইছলাম ধৰ্মৰ যুৱকে নিজকে হিন্দুৰ পৰিচয় প্ৰদান কৰি প্ৰেমৰ জালত পেলাই বিবাহ পাশত আবদ্ধ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷

অভিযোগকাৰী যুৱতীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ফইজুৰ ৰহমান নামৰ যুৱকজনে ডিগবৈৰ স্থানীয় জনৈক পাটগিৰি আৰু জনৈক বেগম নামৰ দুগৰাকী মহিলাৰ জৰিয়তে ডিগবৈৰ বগাপানীৰ দাস উপাধিৰ যুৱতী গৰাকীৰ লগত চিনা পৰিচয় হৈ, ইছলাম ধৰ্মী যুৱকজনে ৰাতুল দাস বুলি চিনাকি দি যুৱতী গৰাকীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৷ যুৱতী গৰাকীক ভুৱা পৰিচয় দি বিয়া কৰোৱাৰ পিছত ৰাতুল দাসৰ প্ৰকৃত নাম ফইজুৰ ৰহমান আৰু তেওঁ এজন মুছলমান সম্প্ৰদায়ৰ যুৱক বুলি জানিব পাৰে ভুক্তভোগী যুৱতী গৰাকীয়ে ৷ লগতে অভিযুক্ত ফয়জুৰ ৰহমান এজন বিবাহিত পুৰুষ বুলি অৱগত হোৱাত যুৱতী গৰাকীয়ে ডিগবৈৰ পিতৃগৃহলৈ উভতি আহে ৷

ইফালে দুদিন পূৰ্বে অভিযুক্ত ফইজুৰৰ প্ৰথমা পত্নীয়ে নিজৰ স্বামীক বিচাৰি দ্বিতীয়া পত্নীৰ বাসগৃহত ডিগবৈ আৰক্ষীৰ এক দল লৈ উপস্থিত হয় ৷ ভুৱা পৰিচয়ৰে হিন্দু যুৱতীক বিবাহ কৰোৱা ফইজুৰ ৰহমান বৰ্তমান পলাতক অৱস্থাত থকাৰ হেতুকে উপায়ন্তৰ হৈ অভিযোগকাৰী যুৱতী গৰাকীয়ে ডিগবৈ আৰক্ষী থানাত এখন এজাহাৰ দিয়াৰ পাছতে সংবাদ মাধ্যমৰ কাষ চাপে ৷

লগতে পঢ়ক :Clarification of Jatin Bora: চাইবাৰ শাখাত গোচৰ তৰা সন্দৰ্ভত যতীন বৰাৰ স্পষ্টীকৰণ

ABOUT THE AUTHOR

...view details