অসম

assam

ETV Bharat / state

Loksabha election 2024: বিজেপিক প্ৰতিহত কৰিবলৈ ৰাজ্যৰ বাগানে বাগানে কংগ্ৰেছ

" বাগানে বাগানে কংগ্ৰেছ আহি আমি যান্ত্ৰণাৰ প্ৰকৃত ভাৱ বুজিব পাৰিছো ৷ অসমৰ প্ৰত্যেকজন ব্যক্তিৰে কৰ্তব্য যে আমি কেনেকৈ সকলোৱে ধনী দুখীয়াৰ মাজৰ দেৱালখন ভাঙিব পাৰোঁ ৷ বৰ্তমান সময়ত ধনী-দুখীয়াৰ মাজত ব্যৱধান আহি গৈছে ৷"- অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

Loksabha election 2024
ৰাজ্যৰ বাগানে বাগানে প্ৰদেশ কংগ্ৰেছৰ দল

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 9:24 PM IST

ৰাজ্যৰ বাগানে বাগানে প্ৰদেশ কংগ্ৰেছৰ দল

তিনিচুকীয়া, ২৮ আগষ্ট :"উন্নয়নৰ নহয় চকুৰপানীৰহে ব্ৰহ্মপুত্ৰ বোৱা যেন লাগিছে ৷ আমি আগুৱাই গৈছো কিন্তু পিচলৈ ঘূৰি চাবলৈ শিকা নাই ৷ বাগানে বাগানে কংগ্ৰেছ কাৰ্যসূচী লৈ আহি আমি যন্ত্ৰণাৰ প্ৰকৃত ভাৱ বুজিব পাৰিছোঁ ৷ অসমৰ প্ৰত্যেকজন ব্যক্তিৰে কৰ্তব্য যে আমি কেনেকৈ সকলোৱে ধনী দুখীয়াৰ মাজৰ দেৱালখন ভাঙিব পাৰোঁ ৷ বৰ্তমান সময়ত ধনী দুখীয়াৰ মাজত ব্যৱধান আহি গৈছে ৷ মই কাকো দোষাৰোপ কৰি এই কথা নাই ৷" সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মাৰ্ঘেৰিটাৰ দিহিং বজাৰ তিনিআলিৰ পৰা দিহিং বাগানত অৱস্থিত দুৰ্গা মণ্ডপত উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰে ৷

সমাগত লোকসভা নিৰ্বাচন 2024 । বিজেপিক ৰোধিবলৈ এইবাৰ বাগিচা বাগিচাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বাগানে বাগানে কংগ্ৰেছ শীৰ্ষক এক বিশেষ কাৰ্যসূচী হাতত লৈছে ৷ দেওবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমা বিধান সভাৰ অন্তৰ্গত ৰূপাই বাগানৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ এই যাত্ৰা আজি মাৰ্ঘেৰিটাত উপস্থিত হৈছে ৷

নিৰ্ণায়ক ভূমিকা লোৱা বাগিচাৰ ভোটাৰক আকৰ্ষণৰ লক্ষ্য অসম প্ৰদেশ কংগ্ৰেছ দলৰ ৷ এই কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে প্ৰমুখ্যে কৰি প্ৰদেশ কংগ্ৰেছ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱা, লখিমপুৰ প্ৰাক্তন সাংসদ ৰাণী নৰহ, জ্যেষ্ঠ কংগ্ৰেছী নেতা এতোৱা মুণ্ডাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বহু কেইজন বিষয়ববীয়াই সহযোগ কৰে ৷

বিভিন্ন বাগিচাৰ লোকৰ সৈতে মত বিনিময় কৰি সমস্যাসমূহৰ বিষয়ে বুজ লোৱাৰ লগতে শাসকীয় চৰকাৰৰ লুণ্ঠন নীতিৰ বিৰুদ্ধে মত বিনিময় কৰাৰ বাবে দলটোৱে চেষ্টা কৰিছে বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:Health Minister K. Mahanta visit in Nagaon: ১ ছেপ্টেম্বৰৰ পৰা ১২ খন মেডিকেল কলেজত নতুন পাঠ্যক্ৰম আৰম্ভ

ABOUT THE AUTHOR

...view details