শদিয়া,7 মাৰ্চ: উন্নয়ণৰ শ্ল'গান দিয়া সোণোৱাল চৰকাৰৰ এক বিপৰীত ছবি দেখা গৈছে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ৰত্নপুৰত ৷ বছৰ বছৰ ধৰি জৰাজীৰ্ণ হৈ ৰোৱা পথত মাটি এচপৰাও নপৰিল সোণোৱাল চৰকাৰৰ দিনত ৷ ৰত্নপুৰ ডুমচি হাতিগড়ৰ পৰা বৰডুমচা সংযোগী পথটো নিৰ্মাণ তথা মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষক স্থানীয় ৰাইজে অনুৰোধ কৰি আহিছে ৷ কিন্তু ৰাইজৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নিদিলে জন প্ৰতিনিধি তথা চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই ৷ অৱশেষত পথটো নিজেই মেৰামতি কৰাৰ সিদ্ধান্ত ল'লে ৰাইজে ৷
কাকপথাৰত ৰাইজৰ শ্ৰমদানেৰে মেৰামতি পথ - উন্নয়ণৰ শ্ল'গান দিয়া সোণোৱাল চৰকাৰ
বছৰ বছৰ ধৰি জৰাজীৰ্ণ হৈ ৰোৱা পথত সোণোৱাল চৰকাৰৰ দিনত মাটি এচপৰাও নপৰাত শনিবাৰে ডুমচি হাতিগড়ৰ স্থানীয় পুৰুষ-মহিলাই হাতে হাতে দা, কোৰ লৈ ওলাই আহিল পথ নিৰ্মাণৰ বাবে ৷

কাকপথাৰৰ জৰাজীৰ্ণ পথত শ্ৰমদান কৰিলে স্থানীয় ৰাইজে
কাকপথাৰৰ জৰাজীৰ্ণ পথত শ্ৰমদান কৰিলে স্থানীয় ৰাইজে
শনিবাৰে ডুমচি হাতিগড়ৰ শতাধিক স্থানীয় পুৰুষ-মহিলাই হাতে হাতে দা, কোৰ লৈ ওলাই আহে পথটো মেৰামতি কৰিবলৈ ৷ বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অঞ্চলটোৰ ৰাইজে মেৰামতি কৰে পথটো ৷ স্থানীয় ৰাইজে অতি শীঘ্ৰে পথটো মেৰামতি কৰাৰ লগতে যাতায়তৰ সু-ব্যৱস্থা কৰাৰ দাবী জনাইছে বিভাগীয় কৰ্তৃপক্ষক ৷ অন্যথা অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷