অসম

assam

ETV Bharat / state

যুৱতীক অশ্লীল মেছেজ: বিজেপি নেতাক শাস্তি প্ৰদানৰ দাবীৰে কাকপথাৰ থানা ঘেৰাও ৰাইজৰ

বিজেপি চাহ মৰ্চাৰ ৰাজ্যিক সম্পাদক মনোজ মানকিৰ বিৰুদ্ধে উত্থাপন হৈছে এগৰাকী যুৱতীক ছ'চিয়েল মিডিয়াত অশ্লীল মেছেজ দিয়াৰ অভিযোগ ৷ কিন্তু এই পৰ্যন্ত লোকগৰাকীৰ ক্ষেত্ৰত কোনো বিহীত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি দেওবাৰে,কাকপথাৰ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে ক্ষোভিত লোকে ৷

কাকপথাৰ থানা ঘেৰাও ৰাইজৰ
কাকপথাৰ থানা ঘেৰাও ৰাইজৰ

By

Published : Jul 26, 2020, 10:10 PM IST

শদিয়া, 26 জুলাই:এগৰাকী যুৱতীক ছ'চিয়েল মিডিয়াত অশ্লীল মেছেজ দিয়াৰ অভিযোগ উত্থাপন হৈছে বিজেপি চাহ মৰ্চাৰ ৰাজ্যিক সম্পাদক মনোজ মানকিৰ বিৰুদ্ধে ৷ তেওঁৰ বিৰুদ্ধে কাকপথাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী যুৱতীগৰাকীয়ে ৷ কিন্তু ইমানৰ পাচতো আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে আৰক্ষী কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷ যাৰ বাবে দেওবাৰে শতাধিক ক্ষুব্ধ ৰাইজে ঘেৰাও কৰে কাকপথাৰ থানা ৷

প্ৰতিবাদকাৰী সকলে উল্লেখ কৰা অনুসৰি,কাকপথাৰ আৰক্ষীয়ে বিজেপি নেতাগৰাকীক ইতিমধ্যে ডুমডুমা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিবলৈ দিয়ে ৷ কিন্তু কাকপথাৰ আৰক্ষীৰ সেই কথাত বিশ্বাস নকৰে ক্ষোভিত লোকে ৷ তেওঁলোকৰ দাবী যদিহে ডুমডুমা আৰক্ষীয়ে অভিযুক্ত বিজেপি নেতা গৰাকীক গ্ৰেপ্তাৰ কৰিছে তেন্তে কাকপথাৰ থানালৈ লৈ আনক ৷ এনে দাবী উত্থাপন কৰাৰ পাচতে কাকপথাৰ আৰক্ষীয়ে কেইগৰাকীমান প্ৰতিবাদকাৰী মহিলাক থানাৰ ভিতৰলৈ মাতি নি মেনেজ দিয়াৰ কথা উল্লেখ কৰে বুলি অভিযোগ উত্থাপন হৈছে ৷ প্ৰতিবাদকাৰীসকলে এই অভিযোগ উত্থাপন কৰিছে কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে ৷ এই কাৰ্যক গৰিহণা প্ৰদান কৰি ক্ষোভিত ৰাইজে অভিযুক্তক তেওঁলোকৰ সন্মুখলৈ আনিবলৈ দাবী জনায় ৷ আৰক্ষীয়ে ধন লৈ বিজেপি নেতাজনৰ পক্ষ লোৱা বুলিও অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷

যুৱতীক অশ্লীল মেছেজ: বিজেপি নেতাক শাস্তি প্ৰদানৰ দাবীৰে কাকপথাৰ থানা ঘেৰাও ৰাইজৰ

লগতে পঢ়ক:বিজেপিৰ নেতাৰ কুকীৰ্তি : মহিলালৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে অশ্লীল প্ৰস্তাৱ

ABOUT THE AUTHOR

...view details