শদিয়া, 20আগষ্টঃ খেতিয়েই চহা কৃষকৰ জীৱনৰ মূল কৰ্ম ৷ গাঁৱৰ চহা খেতিয়কে মূৰৰ ঘাম মাটিত পেলাই ৰদে-বৰষুণে অশেষ কষ্টৰে নিজৰ লগতে লাখ লাখ জনতাৰ বাবে উৎপাদন কৰে ধান ৷ খেতিয়েই খেতিয়কৰ মান খেতিয়েই খেতিয়কৰ প্ৰাণ ৷ গাঁৱলীয়া চহা কৃষক ৰাইজে কঁঠিয়া ৰোৱাৰ সময়ত ন-ভূঁই পৰ্বৰে পৰা তিনিটা মাহ অশেষ কষ্টৰ পাছত ভূঁই ৰোৱা সামৰাৰ অন্তত নাঙল যুঁৱলিকে আদি কৰি মাছ ধৰাত ব্যৱহৃত জাকৈ, পলহ আদি সকলো ভালদৰে ধুই পখালি ভড়ালৰ এচুকত সন্মানেৰে যতনাই ৰাখে ৷
এই সময়তে পূৰ্বৰে পৰা প্ৰচলিত গাঁৱৰ কৃষকসকলে পালন কৰে নাঙল ধোৱা পিঠা খোৱা পৰম্পৰা ৷ প্ৰবাদ অনুসৰি হালবোৱা, কঁঠিয়া তোলা আৰু ৰোৱাকে ধৰি তিনিটা মাহ অশেষ কষ্টৰ পাছত এই নাঙল ধোৱা পিঠা খালে শৰীৰৰ সমগ্ৰ দুখ, ভাগৰ, কষ্ট নাশ হয় ৷ কিন্তু সময়ৰ সোঁতত আজিৰ প্ৰজন্মই যেন পাহৰি পেলাইছে এই ঐতিহাসিক পৰম্পৰা ৷ আৰু এই পৰম্পৰা জীয়াই ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে কাকপথাৰৰ এচাম যুৱকে ৷ বিগত কেইবছৰমানৰ পৰা কাকপথাৰ চেঙেলীজান গাঁৱৰ যুব সংঘই গাঁওখনৰ বৃদ্ধ-বৃদ্ধা, যুৱক-যুৱতী, শিশুসকলৰ লগতে সমূহ ৰাইজক একত্ৰিত কৰি গাঁওখনৰ নামঘৰত ধৰ্মীয় ৰীতি-নীতিৰে উলহ-মালহেৰে পালন কৰে ৰাজহুৱাকৈ নাঙল ধোৱা, পিঠা খোবা পৰ্ব ৷