তিনিচুকীয়া, 9 জানুৱাৰীঃ তিনিচুকীয়াৰ গুইজানত বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে আছু, এ জে ৱাই চি পি আৰু বিভিন্ন দল সংগঠনৰ উদ্যোগত ৰণশিঙা কাৰ্য্যসূচী ৰূপায়ন কৰা হয় । গুইজান তিনিআলিৰ ৰাজপথতে কেইবা শতাধিক প্ৰতিবাদীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ । ইফালে ৰণশিঙা কাৰ্য্যসূচীত অসমৰ জনপ্ৰিয় অভিনেতা নয়ন নিৰ্বান উপস্থিত থাকি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে । ৰণশিঙা কাৰ্য্যসূচীত প্ৰতিবাদী জনতাক সম্বোধন কৰি অসমৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ শিল্পীগৰাকী আবেগিক হৈ পৰে ৷ লগতে বিজেপি দলক পদুম ফুলৰ আঁৰত লুকাই থকা বিষাক্ত ফেঁটি সাপৰ লগত তুলনা কৰে শিল্পী গৰাকীয়ে ৷
নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে ৰাজ্য়জুৰি আছুৰ ৰণশিঙা - protest against CAA at tinisukia
21:22 January 09
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে তিনিচুকীয়াত প্ৰতিবাদ
20:03 January 09
মুখ্যমন্ত্ৰী সমষ্টি মাজুলীৰ ঐতিহাসিক ৰাৱনাপাৰাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ
মাজুলী, 9 জানুৱাৰী : মুখ্যমন্ত্ৰী সমষ্টি মাজুলীৰ ঐতিহাসিক ৰাৱনাপাৰাত বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ । অসম আৰু অসমীয়া জাতীয় সত্তাক বিপদাপন্ন কৰা নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত পূৱ মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পূৱ মাজুলী জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সহযোগত চামগুৰি সত্ৰৰ ৰাৱনাপাৰাত সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী পুৰুষ-মহিলাই সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ ৰণশিঙা কাৰ্য্যসূচী জৰিয়তে কেন্দ্ৰীয় আৰু ৰাজ্যৰ চৰকাৰক মাজুলী ৰাইজে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ দাবী জনায় ।
16:05 January 09
ডুমডুমাত নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ দাবীত আছুৰ ৰণশিঙা
ডুমডুমা , 9 জানুৱাৰী :নাগৰিকত্ব (সংশোধনী) আইন , 2019 ৰ বাতিলৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ডুমডুমাতো ৰূপায়ণ কৰা হ'ল ৰণশিঙা কাৰ্যসূচী ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডুমডুমাৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ লগতে ডুমডুমাবাসী ৰাইজৰ সহযোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী । ডুমডুমা গান্ধী মূৰ্তীৰ সন্মূখত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত ডুমডুমা অঞ্চলৰ বিভিন্ন দল-সংগঠনৰ লগতে বহুসংখ্যক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে ।
আৰু পঢ়ক : ব্যতিক্ৰমী পন্থাৰে ডুমডুমাত সাব্যস্ত কা বিৰোধী প্ৰতিবাদ