অসম

assam

ETV Bharat / state

Leprosy detection campaign : তিনিচুকীয়াত কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান আৰম্ভ

সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়া জিলাতো সোমবাৰৰ পৰা আৰম্ভ হৈছে কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান ৷ মন্ত্ৰী সঞ্জয় কিষাণৰ তিনিচুকীয়াৰ বৰদলৈনগৰস্থিত বাসগৃহৰ পৰাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷

Leprosy detection campaign
তিনিচুকীয়াত কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান আৰম্ভ

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 10:50 PM IST

কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান আৰম্ভ

তিনিচুকীয়া, 30 অক্টোবৰ : ৰাষ্ট্ৰীয় কুষ্ঠ ৰোগ নিৰ্মূলকৰণ আচঁনিৰ অধীনত জিলা স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান তিনিচুকীয়াৰ উদ্যোগত সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়া জিলাতো সোমবাৰৰ পৰা আৰম্ভ হৈছে "কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান" ৷ অসম চৰকাৰৰ শ্ৰম, চাহ জনজাতি আৰু আদিবাসী কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণৰ তিনিচুকীয়াৰ বৰদলৈনগৰস্থিত বাসগৃহৰ পৰাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷

শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে সমাজৰ পৰা কুষ্ঠ ৰোগ সম্পূর্ণৰূপে নিৰ্মূল কৰিবৰ বাবে জনসাধাৰণৰ সচেতনতা আৰু সহযোগিতা উভয়ে প্ৰয়োজনীয় বুলি মন্তব্য আগবঢ়ায় ৷ শৰীৰত এই ৰোগৰ যিকোনো লক্ষণ দেখা দিলে লুকুৱাই নাৰাখি ততালিকে স্বাস্থ্য কৰ্মীৰ সৈতে যোগাযোগ কৰি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আগবঢ়োৱা বিনামূলীয়া চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈয়ো মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ৷ ৰাষ্ট্ৰীয় কুষ্ঠ ৰোগ নিৰ্মূলকৰণ আচঁনিৰ, তিনিচুকীয়া জিলাৰ বিষয়া ডাঃ বৰ্ণালী দত্তই "কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান"ৰ শুভাৰম্ভণি কাৰ্যসূচীৰ আতঁ ধৰি কুষ্ঠ ৰোগৰ লক্ষণ, এই ৰোগ কিদৰে বিয়পে তথা এই কুষ্ঠ ৰোগৰ নিৰ্মূলৰ বাবে উপলব্ধ বিনামূলীয়া চিকিৎসা সন্দৰ্ভত বিতং ব্যাখ্যা আগবঢ়ায় ৷

এই কাৰ্যসূচীত শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, তিনিচুকীয়া জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জয়ন্ত ভট্টাচাৰ্য, জ্যেষ্ঠ সাংবাদিক ড৹ ঋষি দাসকে ধৰি স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ৷ উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় কুষ্ঠ ৰোগ নিৰ্মূলকৰণ আচঁনিৰ অধীনত কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান 30 অক্টোবৰৰ পৰা 12 নবেম্বৰলৈ পালন কৰা হ'ব ৷ ৰাষ্ট্ৰীয় কুষ্ঠ ৰোগ নিৰ্মূলকৰণ আঁচনিৰ, তিনিচুকীয়া জিলাৰ বিষয়া ডাঃ বৰ্ণালী দত্ত বৰাই জনোৱা মতে তিনিচুকীয়া জিলাত যথেষ্ট সংখ্যক এই ৰোগ ধৰা পৰিছে ৷ 116 জনে বৰ্তমান বিনামূলীয়া চিকিৎসা গ্ৰহণ কৰি আছে ৷ উশাহ-নিশাহৰ জৰিয়তে এজন আক্ৰান্ত ব্যক্তিৰ পৰা এই ৰোগৰ বীজাণু সুস্থ ব্যক্তিলৈ সংক্ৰমিত হয় ৷

এই বীজাণু শৰীৰত সোমোৱাৰ বহু বছৰৰ পাছতহে লক্ষণ সমূহ দেখা দিয়ে ৷ লক্ষণ সমূহ যেনে চেতনাহীন ছালৰ দাগ, হাত বা ভৰিৰ চেতনা হীন ঘাঁ বা জিন জিননি ইত্যাদি ৷ এজন আক্ৰান্ত, চিকিৎসা গ্ৰহণ নকৰা ব্যক্তিৰ চিনাক্তকৰণ কৰি চিকিৎসা প্ৰদান কৰিলে ৰোগী গৰাকী বিকলাংগ হোৱাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে আৰু সমাজত ৰোগৰ সংক্ৰমণ ৰোধ কৰিব পৰা যায় ৷ চিকিৎসা গ্ৰহণ কৰা ৰোগীৰ পৰা এই ৰোগৰ বিস্তাৰ নহয় ৷

এই অভিযানৰ সময়ত প্ৰশিক্ষণ প্ৰাপ্ত আশা কৰ্মী আৰু এজন পুৰুষ স্বছাসেৱকে প্ৰত্যেকৰ ঘৰে ঘৰে গৈ দুবছৰৰ ওপৰৰ সকলোৰে শাৰীৰিক পৰীক্ষা কৰি এই ৰোগৰ সন্দেহজনক লক্ষণ সমূহ বিচাৰ কৰিব ৷ তিনিচুকীয়া জিলাৰ স্বাস্থ্য বিভাগে প্ৰত্যেকৰ ঘৰলৈ যোৱা দলটিক সহায়-সহযোগিতা আগবঢ়াই এই অভিযান সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক:Bhupen Borah on Raghav Movie : শ্ৰীৰঘূপতি হিট হ’ল, কিয় হিট হোৱা নাই ৰাঘৱ ? ক’লে ভূপেন বৰাই

ABOUT THE AUTHOR

...view details