অসম

assam

ETV Bharat / state

ডুমডুমাৰ টকৌপথাৰ গাঁৱত নাহৰফুটুকীৰ আতংক - নাহৰফুটুকী

ডুমডুমাৰ বন সংমণ্ডলৰ অধীনৰ নাজিৰাটিং 2 নং টকৌপথাৰ গাঁৱত নাহৰফুটুকীৰ আতংক । বৰ্তমানলৈকে নাহৰফুটুকীটোৱে ভক্ষণ কৰিছে 24 টাকৈ ঘৰচীয়া জন্তু ৷ নিৰ্বিকাৰ বন বিভাগ ।

নাহৰফুটুকীৰ আতংক

By

Published : Sep 21, 2019, 9:18 AM IST

ডুমডুমা, 21 চেপ্টেম্বৰঃডুমডুমাৰ বন সংমণ্ডলৰ অধীনৰ বিভিন্ন অঞ্চলত ক্ৰমাৎ বনৰীয়া জীৱ-জন্তুৰ আতংক বৃদ্ধি পাইছে ৷ সমান্তৰালকৈ বন সংমণ্ডলটোৰ অধীনৰ নাজিৰাটিং 2 নং টকৌপথাৰ গাঁৱত এটা নাহৰফুটুকীয়ে গাঁওবাসীৰ নিদ্ৰা হৰণ কৰিছে৷

নাহৰফুটুকীৰ আতংক

তেনে সময়তে শুকুৰবাৰে নিশা নাহৰফুটুকীটোৱে উক্ত গাঁওখনৰে লক্ষণ ছেত্ৰী নামৰ এজন লোকৰ ঘৰৰ এটা ছাগলী ভক্ষণ কৰে ৷ গাঁওবাসীয়ে জনোৱা অনুসৰি নাহৰফুটুকীটোৱে বৰ্তমানলৈকে গাঁওখনৰ 24 টা ছাগলী ভক্ষণ কৰিছে৷ প্ৰতিদিনাই এনেদৰে নাহৰফুটুকীৰ ত্ৰাসত আতংকত দিন কটাইছে গাঁওখনৰ ৰাইজে । এই সন্দৰ্ভত স্থানীয় ৰাইজে ডুমডুমা বন বিভাগক বাৰম্বাৰ অৱগত কৰাৰ পাচতো বনবিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰে গাঁওবাসীয়ে৷ ইপিনে ডিগবৈৰ 'গ্ৰীণ ৱাৰ্ড চ'চাইটি' নামৰ এটা বেচৰকাৰী সংস্থাই আতংকিত গাঁৱৰ ৰাইজৰ কাষত উপস্থিত হৈ বন বিভাগক এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

উল্লেখ্য যে কিছু দিন পূৰ্বে ডুমডুমা বন সংমণ্ডলৰ অধীনৰ 3 নং শান্তিপুৰত একেদিনাই দুটাকৈ মৃত বাঘ উদ্ধাৰ কৰা হৈছিল ।

ABOUT THE AUTHOR

...view details