মাৰ্ঘেৰিটা,2 এপ্ৰিলঃমাৰ্ঘেৰিটাৰ অন্তৰ্গতডিগবৈৰ পৰা জাগুনৰ এটা ব্যক্তিগত চাহ উদ্য়োগলৈ গেছ যোগান ধৰা পাইপ লাইনত বৃহস্পতিবাৰে সংঘটিত হয় এক অগ্নিকাণ্ড । স্থানীয় ৰাইজ আৰু গাঁৱৰক্ষী বাহিনীৰ তৎপৰতাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে অঞ্চলবাসী । ঘটনাস্থলীত আৰক্ষী, প্ৰশাসন আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক যথা সময়ত উপস্থিত হোৱাৰ বাবে জুয়ে তীব্ৰ ৰূপ ধাৰণ কৰিব নোৱাৰিলে ।
লিডুত গেছ পৰিবাহী পাইপ ফুটি জুই নিৰ্গত - Barma Camp Lekhapani
তিনিচুকীয়াৰ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীত সংঘটিত এক অগ্নিকাণ্ড । অগ্নিকাণ্ডটোৰ পৰা কথমপি ৰক্ষা অঞ্চলবাসীৰ ।লেখাপানীৰ বাৰ্মা কেম্প নামৰ ঠাইত সংঘটিত হয় অগ্নিকাণ্ডটো ।
লিডুত গেছ পৰিবাহী পাইপ ফুটি জুই নিৰ্গত
ইফালে, অগ্নিকাণ্ডটোৰ প্ৰকৃত কাৰণ জানিব পৰা যোৱা নাই যদিও গাঁৱবাসীৰ অভিযোগ অনুসৰি গেছ সৰবৰাহ কৰা পাইপসমূহ মাটিৰ তলেৰে নিয়াৰ বিপৰীতে কোনো কোনো ঠাইত মুকলিকৈ দেখা যায় । যাৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ কৰিছে ।
লগতে চাওকঃমাজনিশালৈকে ব্যস্ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা