তিনিচুকীয়া,১৫ মে': ভাৰতীয় সেনাৰ জাগুনস্থিত ১৪ ৰাজপুত ৰেজিমেণ্টৰ সাফল্য । সেনাৰ অভিযানত আটক দুৰ্ধৰ্ষ এনএছচিএন কেডাৰ লক্ষীকান্ত কুম্বাং । জাগুনৰ নামফাই বনাঞ্চলৰ পৰা দুৰ্ধৰ্ষ কেডাৰজনক আটক কৰে । ধৃত কেডাৰজনৰ পৰা সেনাবাহিনীয়ে জাৰ্মানীত নিৰ্মিত এটা 7.65 এম এম পিষ্টলৰ সৈতে কেইবাজাঁই গুলী জব্দ কৰে । ধৃত লক্ষীকান্ত কুম্বাং জাগুনৰ কাংকান গাঁৱৰ বাসিন্দা উমাকান্ত কুম্বাঙৰ পুত্ৰ । ২০২০ চনত লক্ষীকান্তই এনএছচিএন(আৰ)ত যোগদান কৰিছিল ।
জাগুনত দুৰ্ধৰ্ষ এনএছচিএন কেডাৰ আটক - ARMY ARRESTED LDCML CADRE
এজন এনএছচিএন কেডাৰ আটক কৰিলে ভাৰতীয় সেনাৰ জাগুনস্থিত ১৪ ৰাজপুত ৰেজিমেণ্টে । নামফাই সংৰক্ষিত বনাঞ্চলৰ পৰা আটক কৰে দুৰ্ধৰ্ষ কেডাৰজনক । ধৃত কেডাৰজনৰ নাম লক্ষীকান্ত কুম্বাং । কেডাৰজনৰ পৰা গুলীসহ এটা 7.65 এম এম পিষ্টল জব্দ কৰে সেনাই ।
জাগুনত এজন LDCML কেডাৰ আটক কৰিলে ভাৰতীয় সেনাই
পৰৱৰ্তী সময়ত নতুনকৈ গঠন হোৱা লিবাৰেল ডেমক্ৰেটিক কাউঞ্চিল অৱ মিচিং লেণ্ড চমুকৈ LDCML নামৰ উগ্ৰপন্থী সংগঠনটোত যোগদান কৰিছিল । সেনাবাহিনীয়ে কেডাৰজনক আটক কৰি লেখাপানী আৰক্ষী থানাত চমজাই দিছে ।