মাৰ্ঘেৰিটা,29 অক্টোবৰ:ভূমি বেদখলৰ দৰে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে তিনিচুকীয়াৰ মাৰ্ঘেৰিটা মহকুমাৰ টিপঙত ৷ ক’ল ইণ্ডিয়াৰ নামত অধিকৃত ভূমি এইবাৰ বেদখল কৰিছে কোনো দুষ্টচক্ৰই ৷ কেৱল বেদখল কৰাতে ক্ষান্ত নাথাকি উক্ত ভূমিত বহু সন্দেহজনক লোকে নিৰ্মাণ কৰিছে অবৈধ বাসগৃহ ৷ এই ভূমি বেদখলৰ অভিযোগ উত্থাপিত হৈছে মাৰ্ঘেৰিটাৰ আইজুল হক নামৰ এগৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে ৷ পূৰ্বতেও ব্যৱসায়ীগৰাকীয়ে নিজৰ লাভৰ বাবে এনেধৰণৰ কাৰ্য সংঘটিত কৰিছিল ৷
মাৰ্ঘেৰিটাত কাৰ নিৰ্দেশত চলিছে ভূমি বেদখল ! - ক’ল ইণ্ডিয়া
ভূমি বেদখলৰ দৰে ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটাত ৷ ক’ল ইণ্ডিয়াৰ নামত অধিকৃত ভূমি এইবাৰ বেদখল কৰিছে কোনো দুষ্টচক্ৰই ৷ কেৱল বেদখল কৰাতে ক্ষান্ত নাথাকি উক্ত ভূমিত বহু সন্দেহজনক লোকে নিৰ্মাণ কৰিছে অবৈধ বাসগৃহ ৷
ইতিমধ্যে ঘটনা সন্দৰ্ভত স্থানীয় বহুকেইটা দল-সংগঠনে টিপংস্থিত কল ইণ্ডিয়া কৰ্তৃপক্ষৰ এগৰাকী এজেণ্টক অৱগত কৰে ৷ ইয়াৰ পূৰ্বে এজেণ্ট গৰাকীয়ে বিষয় প্ৰসংগত অজ্ঞতা স্বীকাৰ কৰে ৷ মাৰ্ঘেৰিটাৰ বহু অঞ্চলত এনেদৰে সন্দেহজনক লোকে পূৰ্বেও ভূমি বেদখল কৰি অহাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ৷ এনে বহু লোকৰ বাসগৃহ স্থানীয় বন বিভাগ আৰু প্ৰশাসনে বিভিন্ন সময়ত উচ্ছেদ চলাই বেদখলমুক্ত কৰিছিল ৷ কিন্তু প্ৰশাসনকো বৃদ্ধাংগুষ্ঠ দেখুৱাই আইজুল হকৰ দৰে একাংশ ব্যৱসায়ীয়ে বহু সময়ত ভূমি বেদখল কৰি আহিছে ৷ ব্যৱসায়ীগৰাকীয়ে কি কাৰণত সন্দেহজনক লোকসকলক এনেদৰে আশ্ৰয় প্ৰদান কৰি আহিছে সেয়া কিন্তু ৰহস্যৰ আৱৰ্তত ৷
লগতে চাওকঃমূল্যবৃদ্ধিৰ বিৰুদ্ধে সাহসী মহিলা মঞ্চৰ প্ৰতিবাদ বেলতলা বজাৰত