অসম

assam

ETV Bharat / state

লাইকা দধিয়াবাসীৰ প্ৰতিবাদৰ সময়তে অসুস্থ হৈ পৰা প্ৰসুতিৰ মৃত্যু

তিনিচুকীয়াৰ লেজাইহুলাৰ প্ৰতিবাদস্থলীত অসুস্থ হৈ পৰা প্ৰসুতিৰ মৃত্যু । মৃত মহিলাগৰাকী ২৪ বছৰীয়া কুস্মিতা মৰাং । পুৱতি নিশা ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় মহিলাগৰাকীৰ । বৃহত্তৰ লাইকা-দধিয়াবাসীয়ে তেওঁলোকৰ পুনৰ সংস্থাপন আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষণৰ দাবীত যোৱা ২০ ডিচেম্বৰৰ পৰা কৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে ।

লাইকা দধিয়াবাসীৰ প্ৰতিবাদৰ সময়তে অসুস্থ হৈ পৰা প্ৰসুতিৰ মৃত্যু
লাইকা দধিয়াবাসীৰ প্ৰতিবাদৰ সময়তে অসুস্থ হৈ পৰা প্ৰসুতিৰ মৃত্যু

By

Published : Jan 8, 2021, 3:23 PM IST

তিনিচুকীয়া,৮ জানুৱাৰী: ৪ দিন ধৰি মৃত্যুৰে যুঁজি অৱশেষত কৰুণ মৃত্যুক সাৱতিলে লাইকা দধিয়াবাসীৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে অসুস্থ হৈ পৰা কুস্মিতা মৰাঙে। ২৪ বছৰীয়া প্ৰসুতিগৰাকী প্ৰতিবাদ আৰম্ভ হোৱাৰ দিনৰে পৰা তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ লেজাইহুলাত অস্থায়ী শিবিৰত আছিল। মঙলবাৰে নিশা সংকটজনক অৱস্থাত মহিলাগৰাকীক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও পিছত তেওঁক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

লাইকা দধিয়াবাসীৰ প্ৰতিবাদৰ সময়তে অসুস্থ হৈ পৰা প্ৰসুতিৰ মৃত্যু

আজি পুৱতি নিশা ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেওঁৰ মৃত্যু হয় । ৪ দিন ধৰি চিকিৎসাধীন হৈ আছিল কুস্মিতা মৰাং। অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ICUত ৰখা হৈছিল কুস্মিতাক । বৃহস্পতিবাৰে তেওঁ জন্ম দিয়া সন্তানটিৰ মৃত্য়ু হয় । মাতৃগৰাকীক ৰক্ষা কৰাৰ বাবে চিকিৎসকে চেষ্টা কৰে যদিও আজি পুৱতি নিশা তেওঁৰ মৃত্যু হয় । মহিলাগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে শোকত ভাগি পৰে লাইকা দধিয়াবাসী ৰাইজ ।

আনহাতে,মহিলাগৰাকীৰ মৃত্যুৰ খবৰে প্ৰতিবাদকাৰী ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে । কিয়নো,লাইকা দধিয়াবাসীৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে শ্বহীদৰ সংখ্যা তিনিগৰাকীলৈ বৃদ্ধি পাইছে । দিনক দিনে অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে প্ৰতিবাদস্থলীত। তথাপিও প্ৰচণ্ড শীতৰ মাজতে প্ৰতিবাদ সাব্যস্ত কৰি আছে ভূমিপুত্ৰই । উল্লেখ্য যে,TMPK,MMK,TMMKৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বৃহত্তৰ লাইকা-দধিয়াবাসীয়ে নিজৰ পুনৰ সংস্থাপন আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষণৰ দাবীত যোৱা ২০ ডিচেম্বৰৰ পৰা কৰি অহা প্ৰতিবাদ সাব্যস্ত কৰি আছে । কিন্তু ইমানৰ পিছতো তেওঁলোকৰ প্ৰতিবাদৰ প্ৰতি চৰকাৰ-প্ৰশাসনে ইতিবাচক সঁহাৰি আগবঢ়োৱা নাই ।

লগতে পঢ়ক:উত্তৰ-পূৱত সংযোজন হ’ব নেকি যুঁজাৰু বিমান ৰাফেল?

ABOUT THE AUTHOR

...view details