কাকপথাৰ, 19 ফেব্ৰুৱাৰীঃমহানগৰীৰ পিচত এইবাৰ কাকপথাৰত এক লেডী গেঙৰ আতংক ৷ জানিব পৰা মতে, বহিঃ ৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰি, বিভিন্ন চল চাতুৰীৰে অতি কম সময়ত ৰাইজৰ পৰা ৫০০-১০০০ টকা পৰ্যন্ত সৰকাই নিয়াত পাৰ্গত এই "লেডী গেং" ৷ মহানগৰীৰ পিচত এইবাৰ ৰাজ্যৰ সৰু সৰু চহৰ সমূহ হৈ পৰিছে এওঁলোকৰ লক্ষ্য ৷ আজি তিনিচুকীয়া জিলাৰ কাকপথাৰত বহিঃ ৰাজ্যৰ পৰা অহা এটা ১০/১৫ জনীয়া "লেডী গেং"টোয়ে টকা সংগ্ৰহ কৰি থকাৰ সময়তে মুখামুখী হয় অঞ্চলটোৰ কেইগৰাকীমান সাংবাদিকৰ ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি আক্ৰমণাত্মক মনোভাৱেৰে সাংবাদিকৰ কেমেৰাৰ পৰা পলায়ন কৰা চেষ্টা চলায় মহিলা দলটোৱে ৷ সাংবাদিকৰ লগতে স্থানীয় সচেতন ৰাইজৰ তৎপৰতাত দলটোৰ চাৰি গৰাকী মহিলাসহ কম বয়সীয়া যুৱতীক আটক কৰিবলৈ সক্ষম হয় কাকপথাৰ আৰক্ষীয়ে ৷ উল্লেখ্য যে, সেই স্থানৰ পৰা পলায়ন কৰে তেওঁলোকৰ মাজৰে কেইবাগৰাকীও মহিলাই ৷
কাকপথাৰত আতংক "ইৰানী গ্ৰুপ" নামেৰ এক লেডী গেঙৰ - কাকপথাৰ আৰক্ষী
বহিঃ ৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰি, বিভিন্ন চল চাতুৰীৰে অতি কম সময়ত ৰাইজৰ পৰা টকা সৰকালে এটা লেডী গেঙে ৷ মহানগৰীৰ পিচত এইবাৰ কাকপথাৰত আতংক এই লেডী গেঙৰ ৷
![কাকপথাৰত আতংক "ইৰানী গ্ৰুপ" নামেৰ এক লেডী গেঙৰ "ইৰানী গ্ৰুপ" নামেৰ এক লেডী গেং](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6129608-thumbnail-3x2-kk.jpg)
"ইৰানী গ্ৰুপ" নামেৰ এক লেডী গেং
কাকপথাৰত আতংক "ইৰানী গ্ৰুপ" নামেৰ এক লেডী গেঙৰ
আৰক্ষীৰ জেৰাত নিজকে ৰাজস্থানৰ বুলি জানিবলৈ দিয়ে তেওঁলোকে ৷ অঞ্চলটোত দিনক দিনে বাঢ়িব ধৰা সন্দেহ জনক চেহেৰাৰ ব্যক্তিক লৈ এতিয়া শংকিত হৈ পৰিছে একাংশ লোক |
লগতে পঢ়কঃনগাঁও আৰক্ষীৰ জালত চোৰাং চিকাৰী