শদিয়া, ৮ অক্টোবৰ: ৰাজ্যৰ জিলাই জিলাই টীকাকৰণ অভিযান চলিছে ঠিকেই, কিন্তু এই অভিযানত নিয়োজিত স্বাস্থ্য কৰ্মীসকলে এতিয়া পৰ্যাপ্ত সা-সুবিধা লাভ নকৰাৰ অভিযোগ তুলিছে । তিনিচুকীয়া জিলাৰ কাকপথাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন ক'ভিড টীকাকৰণ শিবিৰত নিয়োজিত স্বাস্থ্য কৰ্মীসকলৰ আহাৰ, খোৱা পানীৰ নামত আবণ্টিত ধন প্ৰদান কৰাত ব্যাপক অনিয়ম হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷
স্বাস্থ্য কৰ্মীৰ অভিযোগ অনুসৰি, ক'ভিড টীকাকৰণ কেন্দ্ৰসমূহত নিয়োজিত স্বাস্থ্য কৰ্মীসকলক খোৱাৰ বাবদ ১৫০০ টকাকৈ দিব লাগে । কিন্তু স্বাস্থ্যকৰ্মী সকলৰ প্ৰতিগৰাকীক এটাকৈ চিংৰা আৰু কেন্দ্ৰটোত নিয়োজিত সকলো স্বাস্থ্য কৰ্মীৰ মাজত ৪/৫ টা পানীৰ বটল যোগান ধৰি দায়িত্ব সামৰিছে দায়িত্ব থকা লোকসকলে ৷ আনহাতে, যোৱা ২ অক্টোবৰত গান্ধী জয়ন্তী উপলক্ষে হোৱা মেগা টীকাকৰণ অভিযানৰ সময়ত কেন্দ্ৰবোৰত নিয়োজিত স্বাস্থ্য কৰ্মীসকলৰ খোৱাৰ বাবদ এক হাজাৰকৈ টকা দিবলগীয়া আছিল যদিও প্ৰতিটো টীকাকৰণ কেন্দ্ৰত ৭০০-৮০০ টকাকৈ দিয়ে ।
ইয়াৰ পাচতে স্বাস্থ্য কৰ্মীসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হয় । উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে চলিত বৰ্ষৰ ১৭ মে' জাৰি কৰা জাননী অনুসৰি, প্ৰতিটো টীকাকৰণ কেন্দ্ৰত প্ৰতিষেধক ল'বলৈ অহা হিতাধিকাৰী সংখ্য অনুযায়ী বহিবলৈ চকী আৰু খোৱা পানী যোগানৰ বাবদ ৩ হাজাৰ টকা আৰু স্বাস্থ্য কৰ্মীসকলক সময়মতে আহাৰ, পানী ইত্যাদি যোগান ধৰিবলৈ স্পষ্ট নিৰ্দেশনা জাৰি কৰা হৈছিল ৷