ডুমডুমা, 7 ফেব্ৰুৱাৰী :ৰাজ্যৰ স্বাস্থ্য বিভাগত ব্যাপক উন্নয়ন অব্যাহত ৷ আমি দেখুৱাম উন্নয়নৰ এখন সঁচা ছবি ৷ অসম-অৰুণাচল সীমান্তৱৰ্তী মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত পেঙেৰীৰ ৰিতুকঠালগুৰিবাসী বৰ্তমান সময়তো প্ৰাথমিক চিকিৎসা সেৱাৰ পৰাও বঞ্চিত হৈ আহিছে । বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা কঠালগুৰি আদৰ্শ চিকিৎসালয় খনত সকলো প্ৰকাৰৰ আন্তঃগাঁঠনি সা-সুবিধা থকা পাচতো এক মাত্ৰ চিকিৎসকৰ অভাৱৰ বাবেই অঞ্চলবাসীয়ে প্ৰাথমিক চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে ।
চিকিৎসালয় আছে, নাই চিকিৎসক : যমৰ যাতনা ভুগিছে সাধাৰণ ৰাইজে ! - চিকিৎসালয় আছে নাই চিকিৎসক
বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা কঠালগুৰি আদৰ্শ চিকিৎসালয় খনত সকলো প্ৰকাৰৰ আন্তঃগাঁঠনি সা-সুবিধা থকা পাচতো এক মাত্ৰ চিকিৎসকৰ অভাৱৰ বাবেই অঞ্চলবাসীয়ে প্ৰাথমিক চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে ।
বৃহত্তৰ অঞ্চলবাসীৰ একমাত্ৰ চিকিৎসালয়খনত কোনো স্থায়ী চিকিৎসক নথকাত এগৰাকী অস্থায়ী চিকিৎসকে দিনৰ ভাগত ৰোগীৰ চোৱা চিতা কৰে । ইফালে চিকিৎসালয়খনত ৰোগীক বেজী দিবলৈ নাৰ্চ,ঔষধ দিবলৈ ফাৰ্মাচিষ্ট এজনো নাই । সমান্তৰালভাৱে আজিপৰ্যন্ত চিকিৎসালয় খনত থাকিবলগীয়া চতুৰ্থ বৰ্গৰ কৰ্মচাৰীও নাই । বৃহত্তৰ অসম-অৰুণাচল সীমান্তৰ জনসাধাৰণে চিকিৎসাৰ বাবে যমৰ-যাতনা ভোগ কৰিব লগীয়া হৈছে । অনতিপলমে চিকিৎসালয় খনত চিকিৎসকৰ লগতে খালি হৈ থকা সকলোবোৰ পদ পূৰণ কৰিবলৈ দাবী জনাইছে । অন্যথা জংগী আনন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে অঞ্চলটোৰ বিভিন্ন দল সংগঠনে ৷