তিনিচুকীয়া, 24 আগষ্ট :তিনিচুকীয়াত সোমবাৰে বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৃষক মুক্তি সংগ্ৰাম সমিতি(KMSS), ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ(SMSS) লগতে কেইবাটাও সংগঠনৰ ৷ খহনীয়া(Erosion) সমস্যাৰ স্থায়ী সমাধানৰ দাবীৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তিয়ে ৷
প্ৰতিবাদৰ জৰিয়তে বানাক্ৰান্ত পৰিয়ালক ক্ষতিপূৰণ, সংস্থাপন আৰু বান-খহনীয়াৰ সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ চৰকাৰক দাবী জনায় সংগঠনকেইটাই ৷ 1992 চনৰ পৰা তিনিচুকীয়াৰ কৰ্দৈগুৰি অঞ্চল বান আৰু খহনীয়াৰ কবলত পৰি আহিছে । ডাঙৰী নৈৰ গৰাখহনীয়াৰ ফলত নৈৰ বুকুত বিলীন হৈছে অঞ্চলটোৰ প্ৰায় 22 খনকৈ গাঁও ।
লগতে পঢ়ক:দিখৌমুখত এখন বিদ্যালয় জাহ যোৱাৰ উপক্ৰম; গৰাখহনীয়াৰ স্থায়ী সমাধান কেতিয়া ?