অসম

assam

ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত তিনিচুকীয়া ফিল'বাৰীত মানৱ শৃংখল - প্ৰতিবাদী কাৰ্যসূচী

কৃষক নেতা অখিল গগৈৰ লগতে ‘কা’ আন্দোলনত অংশ লৈ কাৰাবন্দী হৈ থকা দেবাংগনা কলিতা আৰু বলদেৱ তেলীৰো মুক্তিৰ দাবী কৰে প্ৰতিবাদকাৰী সকলে ৷ ফিল'বাৰীৰ কেবাটাও সংগঠনে অংশ লয় প্ৰতিবাদী কাৰ্যসূচীত ৷

ফিল'বাৰীত মানৱ শৃংখল
ফিল'বাৰীত মানৱ শৃংখল

By

Published : Jul 24, 2020, 7:47 PM IST

তিনিচুকীয়া,24 জুলাইঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত মুখ্য ভূমিকা লৈ গ্ৰেপ্তাৰ হোৱা অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখল গঢ়ি প্ৰতিবাদ সাব্যস্ত কৰে তিনিচুকীয়া ফিল'বাৰীত ৷ গণ ঐক্য সংগ্ৰাম সমিতি,আদিবাসী সুৰক্ষা সমিতি,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু ফিল'বাৰী অঞ্চলৰ কেইবাটাও জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত হয় ৷

অখিল গগৈৰ মুক্তিৰ দাবীত তিনিচুকীয়া ফিল'বাৰীত মানৱ শৃংখল

প্ৰতিবাদকাৰী সকলে কৃষক নেতা অখিল গগৈৰ লগতে ‘কা’ আন্দোলনত অংশ লৈ কাৰাবন্দী হৈ থকা দেবাংগনা কলিতা আৰু বলদেৱ তেলীৰো মুক্তিৰ দাবী কৰে ৷ চৰকাৰে এই সকল কাৰাবন্দীক শীঘ্ৰেই মুকলি কৰি নিদিলে অনাগত দিনত তীব্ৰ গণ আন্দোলন গঢ়ি তোলা হ‘ব বুলি প্ৰকাশ কৰে ৷ ইপিনে প্ৰতিবাদকাৰী সকলে ৰাজ্যৰ বিজেপি চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ উভয়ে হিটলাৰী শাসন প্ৰৱৰ্তন কৰা বুলিও উল্লেখ কৰে ৷

ইয়াৰ ওপৰিও ভূমিনীতি ২০২০ বাতিল কৰা,পৰিৱেশ সুৰক্ষা আইনৰ সংশোধন বাতিল কৰা,অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰা,চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা,বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি দিয়া,অসমৰ জলন্ত সমস্যাসমূহ সমাধানৰো দাবী তোলা হয় এই প্ৰতিবাদী কাৰ্যসূচীত ৷

লগতে পঢ়কঃপ্ৰমোদ বড়োৰ সৈতে তুলনা নহয় প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰীৰ : ইউ পি পি এল

ABOUT THE AUTHOR

...view details