তিনিচুকীয়া,4 নৱেম্বৰ: তিনিচুকীয়াৰ থানা চাৰিআলিত পালন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বন্তি প্ৰজ্বলন শীৰ্ষক কাৰ্যসূচী ৷ মঙলবাৰে ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যা কৰা নিৰ্মল পালৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে এই কাৰ্যসূচী পালন কৰে ৷ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত এই বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বন্তি প্ৰজ্বলন
তিনিচুকীয়া থানা চাৰিআলিত বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত পালন কৰা হয় বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ৷ ঋণৰ বোজা সহিব নোৱাৰি কোকৰাঝাৰৰ এটা পৰিয়ালে সমূহীয়াভাৱে চিপ লৈ আত্মহত্যা কৰাৰ ঘটনাক সুঁৱৰি এই কাৰ্যসূচী পালন কৰে সংগঠনটোৱে ৷
বন্তি প্ৰজ্বলন
উক্ত আত্মহত্যাৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰি সংগঠনটোৱে ক্ষুদ্ৰ ব্যৱসায়ীসকলক ঋণ ৰেহাই দিবলৈ দাবী উত্থাপন কৰে চৰকাৰক ৷ লগতে উক্ত ব্যৱসায়ীসকলক সুদবিহীন ঋণ প্ৰদানৰ ব্যৱস্থা কৰা, অ-পৰিকল্পিত লক ডাউনৰ দ্বাৰা ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক 6 মাহৰ বাবে 10 হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈয়ো চৰকাৰক দাবী জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে ৷