অসম

assam

ETV Bharat / state

চুমনি মথাউৰিৰ স্থায়ী সমাধান বিচাৰি কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদৰ হুমকা - ডিৰাক চুমনি মথাউৰি

ডিৰাক চুমনি মথাউৰিত চলি থকা জিঅ' বেগৰ কাম পৰিদৰ্শণ কৰে কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে ৷ জিঅ' বেগৰ কামত ব্য়স্ত থকা শ্ৰমিক সকলক উৎসাহ প্ৰদানৰ উদ্দেশ্যে সংগঠনৰ সদস্য সকলে পানী বটলকে ধৰি খোৱা খাদ্য বিতৰণ কৰে ৷

ETV BHARAT
চুমনি মথাউৰিৰ স্থায়ী সমাধান বিচাৰি কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদৰ হুমকা

By

Published : May 23, 2020, 7:38 PM IST

শদিয়া, 23 মেঃ কাকপথাৰ ডিৰাক চুমনি মথাউৰিৰ স্থায়ী সমাধানৰ দাবীত চৰকাৰৰ বিৰুদ্ধে কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদৰ হুমকা ৷ লগতে ডিৰাক চুমনি মথাউৰিৰ জিঅ' বেগৰ কামৰ পৰিদৰ্শন কৰে কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে ৷

চুমনি মথাউৰিৰ স্থায়ী সমাধান বিচাৰি কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদৰ হুমকা

তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰু ধলা অঞ্চলৰ শতাধিক গাঁৱৰ ৰাইজৰ বাবে ভাবুকি ন-দিহিং নদী ৷ প্ৰতি বছৰে নৈ খনৰ ভয়ংকৰ বানত বিস্তৰ ক্ষতি সাধন হয় ৰাইজৰ ৷ আনহাতে, প্ৰতিবছৰে চুমনি মথাউৰি মেৰামতিৰ নামত কোটি -কোটি টকা খৰচ কৰিছে যদিও সুফল পোৱা নাই ৰাইজে ৷ উল্লেখ্য যে, মথাউৰিটোৰ সংকটাপন্ন অৱস্থাত থকা চাৰিটা অংশত খহনীয়া ৰোধৰ বাবে অসম চৰকাৰৰ জলসম্পদ বিভাগে প্ৰায় চাৰি কোটি আশি লাখ (4,80,00000) টকাৰ আবণ্টনৰ ধনৰে নিৰ্মাণ কৰি আছে। আবণ্টিত ধনেৰে জিঅ' বেগৰ কাম খৰালিৰে পৰা আৰম্ভ হৈছিল যদিও এতিয়ালৈ নিৰ্মাণৰ কাম শামুকীয়া গতিৰে চলি থকাৰ কাৰ্যক সমালোচনা কৰে সংগঠনটোৱে ৷ লগতে তিনিচুকীয়া জিলাৰ অতিকৈ ডাঙৰ সমস্যা ডিৰাক চুমনি মথাউৰিৰ বিজ্ঞানসন্মত স্থায়ী সমাধানৰো দাবী তোলে সংগঠনটোৱে ৷ শেহতীয়াকৈ বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় বিধায়কৰ হেঁচাত মথাউৰি নিৰ্মাণৰ কাম ৫০% আগবাঢ়িছে বুলি ঠিকাদাৰে জানিবলৈ দিছে ৷ লগতে কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে শ্ৰমিক সকলক উৎসাহ-প্ৰেৰণা দিয়াৰ উদ্দেশ্যে লঘু আহাৰ বিতৰণ কৰে কলিতা জনগোষ্ঠী সন্মিলনৰ লগতে কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদ আৰু মহিলা পৰিষদৰ সদস্য-সদস্যা সকলে ৷

লগতে পঢ়কনলবাৰীত আটক-ধুনীয়াকৈ নিৰ্মাণ কোৱাৰেণ্টাইন কেন্দ্ৰ

ABOUT THE AUTHOR

...view details