শদিয়া,28মেঃ দিহিং পাটকাইত কয়লা খনন আৰু ডিব্ৰু ছৈখোৱাত অইলৰ খননৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ হৈ আছে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত ৷ বৃহস্পতিবাৰে কাকপথাৰত কলিতা জনগোষ্ঠী সন্মিলন, কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদ আৰু কলিতা জনগোষ্ঠী মহিলা পৰিষদৰ শতাধিক সদস্যই হাতে হাতে প্লে-কাৰ্ড লৈ মানৱ শৃংখল কাৰ্যসুচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
কাকপথাৰত কলিতা জনগোষ্ঠীৰ প্ৰতিবাদী কাৰ্যসূচী কয়লা আৰু অইল খননৰ বিৰুদ্ধে - কলিতা জনগোষ্ঠী সন্মিলন
দিহিং পাটকাইৰ কয়লা খনন আৰু ডিব্ৰু-ছৈখোৱাত অইলৰ খননৰ অনুমতিৰ বিৰুদ্ধে কাকপথাৰত কলিতা জনগোষ্ঠীৰ মানৱ শৃংখলেৰে প্ৰতিবাদ ৷
![কাকপথাৰত কলিতা জনগোষ্ঠীৰ প্ৰতিবাদী কাৰ্যসূচী কয়লা আৰু অইল খননৰ বিৰুদ্ধে kalita community portest aginest cool or oil mining](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7382028-979-7382028-1590668790810.jpg)
ৰাষ্ট্ৰীয় ব্যনপ্ৰাণী ব’ৰ্ডে(NBWL) দিহিং পাটকাই অভয়াৰণ্যৰ অন্তৰ্গত হস্তীৰ বাবে সংৰক্ষিত বনাঞ্চলৰ ৯৮.৫৯ হেক্টৰ ভূমিত ক’ল ইণ্ডিয়া লিমিটেডৰ কয়লা খননৰ বাবে দিয়া প্ৰস্তাৱক সেউজ সংকেট প্ৰদান কৰাৰ পাছতে প্ৰকৃতি প্ৰেমী দল সংগঠনৰ লগতে বিভিন্ন মহলে ইয়াৰ বিৰোধিতা কৰি আহিছে ৷ কোনো কাৰণতে বনাঞ্চল দুখনত এনে জৈৱ বৈচিত্ৰলৈ আহিব পৰা ভাবুকিৰ ক্ষেত্ৰত আপোচ নকৰাৰ সংকল্প গ্ৰহণ কৰে ৷ অসমৰ একামাত্ৰ বৰ্ষাৰণ্য তথা হস্তীকেন্দ্ৰ অভয়াৰণ্যখনত কয়লা খনন কৰি আৰু ডিব্ৰু ছৈখোৱাত অইল ইণ্ডিয়াৰ দ্বাৰা খনন কৰি অসমৰ জৈৱ বৈচিত্ৰলৈ ভয়াবহ অন্ধকাৰ নামিবলৈ কোনোপধ্যে দিয়া নহব বুলি জনগোষ্ঠীটোৱে হুংকাৰ দিয়ে ৷ উক্ত কাৰ্য়সূচীত কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলাৰ সভাপতি ধৰণী শইকীয়া, প্ৰসেনজিৎ কাকতি, মহিলা পৰিষদৰ নমিতা বৰ্মন উপস্থিত থাকে ৷
লগতে পঢ়কঃ ৰাজ্যৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত কি কয় আছুৰ উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যই ?