কাকপথাৰ, 11 নৱেম্বৰ:হাতীৰ সন্ত্ৰাসত দিশহাৰা হৈ পৰিছে ৰাজ্যবাসী ৷ সোমবাৰে বহু কষ্টৰ অন্তত বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত বন বিভাগে লাডেন নামৰ হাতীটো বশ কৰাৰ পিচতে স্বস্তিৰ নিশ্বাস লৈছে গোৱালপাৰাবাসীয়ে আনফালে এতিয়াও হাতীৰ কবলৰ পৰা মুক্ত হোৱা নাই কাকপথাৰ হাঁহখাতিবাসী ৷
কাকপথাৰত হাতীৰ উপদ্ৰৱ: উজাগৰি নিশা কটাইছে গাঁওবাসীয়ে - কাকপথাৰত হাতীৰ উপদ্ৰৱ:উজাগৰি নিশা কটাইছে গাঁওবাসীয়ে
দৰাচলতে হাঁহখাতি বনাঞ্চলৰ পৰা অহা এটা হাতীৰ জাকে দীঘল মেচাকি নামৰ গাঁওখনত বিগত এটা পষেকে পথাৰৰ ধান খাই তহিলং কৰিছে ৷ গাঁওখনৰ পথাৰখনত প্ৰায় 50 বিঘাতকৈ অধিক পকা ধান খাই শেষ কৰিছে বনৰীয়া হাতীৰ জাকটোৱে ৷ ফলত নিশা হ'লেই গাঁওবাসীয়ে জুই জলাই হাতীৰ উপদ্ৰপৰ পৰা ৰক্ষা পাবলৈ পথাৰত অৱস্থান কৰেহি ৷
দৰাচলতে হাঁহখাতি বনাঞ্চলৰ পৰা অহা এজাক হাতীয়ে দীঘল মেচাকি নামৰ গাঁওখনত বিগত এটা পষেকে পথাৰৰ ধান খাই তহিলং কৰিছে ৷ গাঁওখনৰ পথাৰখনত প্ৰায় 50 বিঘাতকৈ অধিক পকা ধান খাই শেষ কৰিছে বনৰীয়া হাতীৰ জাকটোৱে ৷ ফলত নিশা হ'লেই গাঁওবাসীয়ে জুই জলাই হাতীৰ উপদ্ৰপৰ পৰা ৰক্ষা পাবলৈ পথাৰত অৱস্থান কৰেহি ৷ পকা ধান কাটিবলৈ মাজত মাথো কেইটামান দিন থকাৰ সময়তে হাতীয়ে এইদৰে ধান খাই শেষ কৰাত মুৰে-কপালে হাত দিছে স্থানীয় ৰাইজে ৷
কৃষি প্ৰধান অঞ্চলটোৰ ৰাইজৰ অভিয়োগ অনুসৰি হাতী খেদিবৰ বাবে স্থানীয় বন বিষয়াক বাৰম্বাৰ জনাই অহাৰ পিচতো মাত্ৰ দুজন কৰ্মচাৰীয়ে সোমবাৰে হাতীয়ে ক্ষতি কৰা পথাৰসমূহ পৰিদৰ্শন কৰে যদিও ক্ষতিপুৰণৰ বিষয়ে কোনো কথা প্ৰকাশ নকৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ ৷ সম্প্ৰতি হাতীৰ পৰা বাছিবলৈ উজাগৰি নিশা কটাইছে গঞা ৰাইজে ৷