অসম

assam

ETV Bharat / state

আন্তঃগাঁথনিৰ অবিহনেই আদৰ্শ দেখুৱাইছে এখন চৰকাৰী বিদ্য়ালয়ে - কাকপথাৰ

৯২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে দুগৰাকী শিক্ষক, আন্তঃগাঁথনিৰ অভাৱ তাৰ মাজতেই উজলি উঠিছে কাকপথাৰৰ এখন বিদ্যালয় । কিন্তু পৰ্যাপ্ত শিক্ষক আৰু আন্তঃগাঁথনিৰ অভাৱে এতিয়া বিবুদ্ধিত পেলাইছে বিদ্যালয়খনৰ পৰিচালনা সমিতিক ।

এখন জাকতজিলিকা বিদ্যালয়ৰ দুখ !

By

Published : Jul 2, 2019, 3:46 PM IST

শদিয়া,২ জুলাইঃ কাকপথাৰৰ এখন বিদ্যালয়,বিদ্যালয়খনত ৯২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে মাত্ৰ দুগৰাকী শিক্ষক।কাকপথাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ১৯৭৭ চনতে স্থাপিত হোৱা এই বিদ্যালয়খনৰ নাম দিহিং দহোতীয়া মধ্য ইংৰাজী বিদ্যালয় ৷পৰ্যাপ্ত শিক্ষক তথা আন্ত:গাঁঠনিৰ অভাৱৰ স্বত্বেও বিদ্যালয়খন উজলি উঠিছে সকলো দিশতে ৷৯২গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে বিদ্যালয়খনত দুজন শিক্ষকে শিক্ষকতা কৰি আহিছে যদিও শিক্ষাৰ মানদণ্ড, চৰকাৰী গুণোৎসৱ, খেলা-ধূলাৰ ফলাফল লেখত ল'বলগীয়া । ইয়াৰোপৰি বিদ্যালয়খনৰ চৌপাশে থকা ফুলৰ বাগিচা, জিৰণী ঘৰৰ লগতে গছ গছনীয়ে বিদ্যালয়খনৰ সামগ্ৰিক পৰিৱেশ সুন্দৰ কৰি তুলিছে ।

এখন জাকতজিলিকা বিদ্যালয়ৰ দুখ !


কিন্তু উল্লেখনীয় যে, ১৯৭৭ চনতে নিৰ্মাণ কৰা বিদ্যালয়গৃহটো বৰ্তমান জৰাজীৰ্ণ হৈ পৰাত যিকোনো ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷ বিদ্যালয়খনৰ শিক্ষকৰ সমস্যাৰ লগতে আন্তঃগাঁঠনিৰ সমস্যাৰ সমাধানৰ দাবীত বিত্ত মন্ত্ৰী ড' হিমন্তবিশ্ব শৰ্মা, বিধায়ক বলিন চেতিয়া, জিলা শিক্ষা বিষয়াকে ধৰি বহুজনক আবেদন নিবেদন কৰাৰ পিছতো একো ফল নধৰাৰ অভিযোগ উত্থাপন হৈছে । গতিকে সময় থাকোতেই বিদ্যালয়খনৰ সমস্যাসমূহ সমাধান কৰি পিছপৰা অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰিবলৈ আহ্বান জনাইছে শিক্ষক তথা বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে ৷

ABOUT THE AUTHOR

...view details