অসম

assam

ETV Bharat / state

জগদীশ ভূঞাক প্ৰত্যাহ্বান বিজেপিৰ বুঢ়ীদিহিং মণ্ডলৰ সভাপতিৰ - BJP PRESSMEET

বিজেপি বুঢ়ীদিহিং মণ্ডলৰ সভাপতি ভাদেশ্বৰ মৰাণে জগদীশ ভূঞাক কোনটো আৱৰ্ত্ত ভৱনৰ বাবে ধন মোকলাই দিছিল সেইয়া স্পষ্ট কৰিবলৈ দাবী জনায় ৷

KAKOPOTHAR BJP PRESSMEET
প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাক প্ৰত্যাহ্বান বিজেপি বুঢ়ীদিহিং মণ্ডলৰ সভাপতিৰ

By

Published : Feb 15, 2021, 7:39 PM IST

কাকপথাৰ, 15 ফেব্ৰুৱাৰী :অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ বালিজানৰ এখন সভাত বুঢ়ীদিহিং মৌজাৰ লগতে মাৰ্ঘেৰিটা সমষ্টিৰ বাবে মন্ত্ৰী হৈ থাকোতে বহুত কাম কৰা বুলি ৰাজহুৱাভাবে কৰা মন্তব্যক প্ৰত্যাহ্বান জনায় বিজেপি বুঢ়ীদিহিং মণ্ডলৰ সভাপতি ভাদেশ্বৰ মৰাণে ৷

কাকপথাৰত সোমবাৰে এখন সংবাদমেল আয়োজন কৰি বিজেপি বুঢ়ীদিহিং মণ্ডলৰ সভাপতিগৰাকীয়ে জগদীশ ভূঞাক সভাত কোৱাৰ দৰে কোনটো আৱৰ্ত্ত ভৱনৰ বাবে ভূঞাই ধন মোকলাই দিছিল সেইয়া স্পষ্ট কৰিবলৈ দাবী জনায় ৷ ভূঞাই লগতে কেইবাটাও পথ নিৰ্মাণ কৰা বুলি ৰাজহুৱাভাবে কৰা মন্তব্যকো প্ৰত্যাহ্বান জনাই কোনকেইটা পথ তেখেত মন্ত্ৰী হৈ থাকোতে নিৰ্মাণ কৰিছিল সেইয়াও ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনায় বিজেপি নেতাজনে ৷

প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাক প্ৰত্যাহ্বান বিজেপি বুঢ়ীদিহিং মণ্ডলৰ সভাপতিৰ

ভাদেশ্বৰ মৰাণে ইয়াৰ লগতে 2016 চনত মাৰ্ঘেৰিটা সমষ্টিত ভাস্কৰ শৰ্মা বিধায়ক হোৱাৰ আগলৈকে বৃহত্তৰ বুঢ়ীদিহিং অঞ্চলটোত কোনো ধৰণৰ উন্নয়ন হোৱা নাছিল বুলি উল্লেখ কৰে ৷ বিজেপি নেতাজনে আগন্তুক বিধানসভা নিৰ্বাচনতো বিজেপি দলে পুনৰ ভাস্কৰ শৰ্মাকে সমষ্টিটোৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰি তেওঁ জয় নিশ্চিত বুলি দাবী কৰে ৷

তদুপৰি বিভিন্ন মহলত চৰ্চা চলি থকাৰ দৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মাৰ্ঘেৰিটা সমষ্টিত প্ৰাৰ্থীত্ব ল’লে সেইয়া বিজেপিৰ প্ৰতিজন কৰ্মকতাই আদৰণি জনাব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :ৰাজ্যসভা নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল বিশ্বজিৎ দৈমাৰীৰ

ABOUT THE AUTHOR

...view details