শদিয়া,4 মে’ঃ বিহাৰত আবদ্ধ হৈ আছে এটা অসমৰ যুৱকৰ দল ৷ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ১৭ জনীয়া যুৱকৰ দলটোৱে কৰ্মসূত্ৰে বিহাৰত আছিল ৷ লক্ ডাউনৰ বাবে থকা-খোৱাৰ অসুবিধা হোৱাত যুৱককেইজনে প্ৰায় ১,৪০০ কিল’মিটাৰ পথ খোজকাঢ়ি অসমলৈ অহাৰ চেষ্টা চলাইছিল ৷ কিন্তু আদবাটতে ৰাজ্যখনৰ গয়া জিলাৰ বেলাগঞ্জ থানাৰ আৰক্ষীয়ে দলটোক আটক কৰি আবদ্ধ কৰি ৰাখে ৷
বিহাৰত আবদ্ধ তিনিচুকীয়াৰ 17 জনীয়া যুৱকৰ দল - বেলাগঞ্জ আৰক্ষী
বিহাৰত আবদ্ধ তিনিচুকীয়াৰ ১৭ জনীয়া যুৱকৰ এটা দল ৷ যুৱকৰ দলটোৱে নিজ গৃহলৈ ঘূৰাই নিবলৈ ফেচবুক লাইভৰ জৰিয়তে কাতৰ আহ্বান জনাইছে চৰকাৰক ৷ কৰ্মসূত্ৰে বিহাৰত থকা যুৱকৰ দলটোক বেলাগঞ্জ আৰক্ষীয়ে আবদ্ধ কৰি ৰাখিছে ৷

বিহাৰত আবদ্ধ তিনিচুকীয়াৰ যুৱকৰ দল
দলটোৰ ফেচবুক লাইভ
যুৱকৰ দলটোত থকা কাকপথাৰৰ অন্যতম যুৱক কমল লামাৰ মাতৃয়ে ইতিমধ্যে বিষয় সন্দৰ্ভত কাকপথাৰ থানাত লিখিত অভিযোগ দাখিলৰ লগতে আবদ্ধ দলটোক মোকোলাই আনিবলৈ চৰকাৰক আহ্বান জনায় ৷ আনহাতে, যুৱকৰ দলটোৱে ফেচবুক লাইভৰ জৰিয়তে মুকলিৰ আহ্বান জনাইছে অসম চৰকাৰক ৷
কাতৰ আহ্বান অসম চৰকাৰলৈ