কাকপথাৰ, 6 জুলাই :কাকপথাৰত নৃশংস হত্যাকাণ্ড (Kakopather murder case) ৷ পথাৰত কাম কৰি থকা স্বামীক পানী দিবলৈ যোৱা দেৰি হোৱাৰ বাবেই স্বামীয়ে পথাৰতে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক (Husband killed wife) ৷
ঘটনা অনুসৰি কাকপথাৰৰ লাজুম পথাৰ গৰুমৰাটোপৰ শৈলেন গোঁহাই নামৰ লোকজনে দীৰ্ঘদিন ধৰি তেওঁৰ পত্নী অঞ্জনা মৰাণক অকথ্য নিৰ্যাতন চলাই আহিছিল ৷ আনকি মহিলাগৰাকীৰ পুত্ৰয়ো তেওঁৰ ওপৰত মানসিক নিৰ্যাতন চলাই আহিছিল ৷ অঞ্জনাৰ পৰিয়ালৰ অভিযোগ অনুসৰি বিভিন্ন সময়ত যৌতুক বিচাৰি স্বামীয়ে মাৰপিটো কৰিছিল ৷
মঙলবাৰে পথৰাত থকা স্বামীক জলপান আৰু পানী দিবলৈ গৈছিল অঞ্জনাই ৷ লগে লগে পথাৰত খাদ্য দিবলৈ যোৱাত কিয় পলম হ'ল বুলি মহিলাগৰাকীৰ ওপৰত জঁপিয়াই পৰে স্বামী ৷ হাতত থকা লাঠিৰে মৰিয়াই মৰিয়াই অঞ্জনাক মুমুৰ্ষ অৱস্থাত পথাৰতে পেলাই থৈ যায় স্বামীয়ে ৷ লগে লগে ওচৰৰ লোকে অঞ্জনাক তেনে অৱস্থাত দেখি ঘৰত চমজাই দিয়ে ৷ স্বামীয়ে অঞ্জনাৰ শৰীৰ ভাল নহয় বুলি কৈ ওচৰৰে হাস্পতাল এখনলৈ লৈ যায় যদিও হাস্পতাল গৈ পোৱাৰ পূৰ্বেই মৃত্যু হয় অঞ্জনাৰ ৷