অসম

assam

ETV Bharat / state

কাকপথাৰৰ ১নং লাজুম পথাৰ প্ৰাথমিক বিদ্যালয়ত চোৰৰ চাফাই অভিযান - কাকপথাৰ আৰক্ষী থানা

সোমবাৰে নিশা চোৰে বিদ্যালয়খনৰ পৰা বিদ্যালয়ত পানীৰ সুবিধাৰ বাবে চৰকাৰে প্ৰদান কৰা এটা পানী মটৰ আৰু কিছু পৰিমানে চাউল চুৰি কৰি নিয়ে ৷

kakopather-lajum-pother-school-theif
কাকপথাৰৰ ১নং লাজুম পথাৰ প্ৰাথমিক বিদ্যালয়ত চোৰৰ চাফাই অভিযান

By

Published : Jun 8, 2021, 6:18 PM IST

শদিয়া, 8 জুন :কাকপথাৰ আৰক্ষী থানাৰ অৰ্ন্তগত ১ নং লাজুম পথাৰ প্ৰাথমিক বিদ্যালয়ত সোমবাৰে নিশা এক চুৰি কাণ্ড সংঘটিত হয় ৷ নিশা চোৰে বিদ্যালয়খনৰ পৰা বিদ্যালয়ত পানীৰ সুবিধাৰ বাবে চৰকাৰে প্ৰদান কৰা এটা মটৰ আৰু চাউল চুৰি কৰি নিয়ে ৷

ইয়াৰ উপৰিও বিদ্যালয়খনৰ বহু নঠি-পত্ৰ থানবান কৰি থৈ যায় চোৰৰ দলটোৱে ৷ বিদ্যালয়খনৰ কাষৰে এজন শিক্ষক খোজ কাঢ়ি গৈ থাকোতে আকস্মিকভাবে বিদ্যালয়ৰ তলা ভঙা দেখা পোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ তাৰপাচতে ততাতৈয়াকৈ শিক্ষকজনে বিদ্যালয়ত প্ৰৱেশ কৰাত বিদ্যালয় খনৰ বহুকেইটা কোঠাৰ তলা ভাঙি থোৱা দেখা পায় ৷

অৱশেষত স্থানীয় ৰাইজৰ সহযোগত বিদ্যালয়ৰ কাৰ্যালয়ত প্ৰৱেশ কৰোতে উক্ত সামগ্ৰী সমূহ লৈ যোৱাৰ বিষয়ে জানিব পাৰে ৷ সম্প্ৰতি বিদ্যালয়খনৰ পৰা এনেদৰে পানীৰ মটৰ, চাউল চুৰি কৰি নিয়াৰ কাৰ্যত সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়কঃ বান্দা জিলা কাৰাগাৰৰ পৰা কাৰাবন্দী সন্ধানহীন

ABOUT THE AUTHOR

...view details