অসম

assam

ETV Bharat / state

কাকপথাৰ বৰআলি মধ্য ইংৰাজী বিদ্যালয়-পূৱেৰুণ যুৱক সংঘৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন - প্ৰথম দিনা পতাকা উত্তোলন

কাকপথাৰ বৰআলি মধ্য ইংৰাজী বিদ্যালয় আৰু পূৱেৰুণ যুৱক সংঘৰ তিনিদিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন ৷ দেওবাৰে অন্তিম দিনৰ কাৰ্যসূচীৰ মুকলি সভাত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা

কাকপথাৰ বৰআলি মধ্য ইংৰাজী বিদ্যালয় আৰু পূৱেৰুণ যুৱক সংঘৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন
কাকপথাৰ বৰআলি মধ্য ইংৰাজী বিদ্যালয় আৰু পূৱেৰুণ যুৱক সংঘৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন

By

Published : Jan 9, 2021, 5:51 PM IST

শদিয়া,9 জানুৱাৰীঃ বৃহত্তৰ কাকপথাৰ অঞ্চলৰ বৰআলি মধ্য ইংৰাজী বিদ্যালয় আৰু বৰআলি আঞ্চলিক পূৱেৰুণ যুৱক সংঘৰ ৰূপালী জয়ন্তী বৰ্ষ শুকুৰবাৰৰ পৰা উদযাপন কৰা হৈছে ৷ বৰআলি মধ্য ইংৰাজী বিদ্যালয় ৰাজহুৱা খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ পিছতেই ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

কাকপথাৰ বৰআলি মধ্য ইংৰাজী বিদ্যালয় আৰু পূৱেৰুণ যুৱক সংঘৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন

শনিবাৰে বিভিন্ন প্ৰতিযোগিতাৰ লগতে অন্তৰংগ মুখামুখি অনুষ্ঠান নামেৰে এক কাৰ্যসূচীৰ ৰূপায়ণ হ’ব বুলি জানিবলৈ দিয়ে উদ্যোগতাই ৷ ইপিনে দেওবাৰে অন্তিম দিনাৰ কাৰ্যসূচীত পুৱা সাংস্কৃিতক শোভাযাত্ৰা,স্মৃতিগ্ৰন্থ উন্মোচনৰ পিছতেই মুকলি সভা অনুষ্ঠিত হ'ব ৷ মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা ধৰি বিভিন্ন সংগঠনৰ নেতাই অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়কঃ শুৱনি কলিয়াবৰে ৰিঙিয়াই মাতিছে পৰ্যটকক

ABOUT THE AUTHOR

...view details