শদিয়া, 15 ছেপ্তেম্বৰ নেৰানেপেৰা বৰষুণকো নেওচি কাকপথাৰ ৰাজহুৱা খেল পথাৰৰ পৰা আৰম্ভ কৰা এই জোৰ সমদল কায্যসূচীত ভাগ লয় চহৰখনৰ শতাধিক লোকে৷ কাকপথাৰ টাউনৰ মাজ মজিয়াৰ মূল পথেৰে যাত্ৰা কৰা এই প্ৰতিবাদী জোৰ সমদলত কা আমি নেমানো, ই আই এ ২০২০ৰ খচৰা বাতিল কৰক, বিজেপি নিপাত যাওক, বিজেপি গ’ বেক আদি বিভিন্ন শ্লোগানেৰে কাকপথাৰৰ পৰিবেশ কৰি তোলে উত্তাল ।
CAA, EIA বাতিলৰ দাবীত কাকপথাৰত আছুৰ জোঁৰ সমদল - ALL ASSAM STUDENT UNION
সদৌ অসম ছাত্ৰ সন্থাৰ কাকপথাৰ আঞ্চলিকৰ উদ্যোগত সোমবাৰে তিনিচুকীয়া জিলাৰ কাকপথাৰত জোৰ সমদলৰ এক প্ৰতিবাদী কাৰ্যসুচী ৰূপায়িত কৰা হয় ৷ নাগৰিকত্ব সংশোধনী আইন-২০১৯ ৰ বাতিল , ই আই এ 2020ৰ খচৰা বাতিলৰ দাবীত কাকপথাৰত এই জোৰ সমদল কাৰ্যসুচী গ্ৰহণ কৰা হয় ৷
![CAA, EIA বাতিলৰ দাবীত কাকপথাৰত আছুৰ জোঁৰ সমদল kakopather aasu protest really](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8804360-thumbnail-3x2-dd.jpg)
প্ৰচণ্ড বৰষুণকো নেওচি কাকপথাৰত আছুৰ বিশাল জোঁৰ সমদল
প্ৰচণ্ড বৰষুণকো নেওচি কাকপথাৰত আছুৰ বিশাল জোঁৰ সমদল
জোৰ সমদলটোৱে চহৰখন পৰিভ্ৰমণ কৰাৰ অন্তত কাকপথাৰ আৰক্ষী থানাৰ নিচেই সমীপতে থকা চাৰিআলি চকত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে । প্ৰতিবাদী সভাত আছুৰ লগতে বিভিন্ন দলৰ সংগঠনৰ স্থানীয় বিষয় ববীয়া সকলেও CAA আৰু EIA2020 বাতিলৰ দাবীৰে আগবঢ়াই নিজৰ নিজৰ বক্তব্য ।
লগতে পঢ়কঃ বৰ্ষাপাৰাত অত্যাধুনিক জিমনেচিয়ামৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ
Last Updated : Sep 15, 2020, 10:51 AM IST