শদিয়া,21 নৱেম্বৰ : লক ডাউনৰ সময়ছোৱাত তিনিচুকীয়াৰ কাকপথাৰৰ তৃতীয় শ্ৰেণীত অধ্যয়নৰত এজন ছাত্ৰই নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে অসম বুক অৱ ৰেকৰ্ডছত ৷ মাত্ৰ 5 মিনিটতে 14 টা ভাষাত কবিতা আবৃত্তি কৰিব পাৰে প্ৰাংশু চেতিয়া নামৰ ছাত্ৰজনে ৷
কাকপথাৰ নিৱাসী প্ৰাঞ্জল চেতিয়া আৰু জিন্তি মোহন চেতিয়াৰ পুত্ৰ প্ৰাংশু ৷ কাকপথাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ প্ৰাংশুয়ে এই প্ৰতিভাৰে বিভিন্নজনৰ মন জয় কৰিবলৈ সক্ষম হৈছে ৷ প্ৰাংশুৱে অতি কম সময়ৰ ভিতৰতে যিকোনো ভাষা আয়ত্ব কৰি কবিতা আবৃত্তি কৰিব পাৰে ৷ বৰ্তমান প্ৰাংশুৱে 14 টা ভাষাত সুন্দৰকৈ আৰু স্পষ্টভাৱে কবিতা আবৃত্তি কৰিব পাৰে ৷ এটা ভাষা আয়ত্ত কৰিবলৈ প্ৰাংশুৰ সময় লাগে মাত্ৰ 5 মিনিট ৷