অসম

assam

দুই সোণাৰিসহ ৰঙাঘৰত সোমাল গহনা চোৰ

By

Published : Mar 24, 2022, 12:02 PM IST

আৰক্ষীৰ জালত পৰিল কাকপথাৰৰ সোণ চুৰিকাণ্ডৰ লগত জড়িত মাষ্টাৰমাইণ্ডসহ দুই সহযোগী (Kakopathar police arrest a gold thief)৷ 17 ফেব্ৰুৱাৰীৰ দিনা 1 নং সৰু ডিৰাকৰ দিপ্তী মৰাণ চেতিয়াৰ ঘৰৰ পৰা মানুহ নথকাৰ সুযোগ লৈ চেইন, নেকলেচ, লকেট, খাৰু, ফুলিকে ধৰি মুঠ 9 তোলা সোণ চুৰি কৰিছিল মাষ্টাৰমাইণ্ড অনুপ ফুকনে (Jewelry theft in Kakopathar) ৷ নিজ মুখে এই কথা স্বীকাৰ কৰিছে আটকাধীন অনুপ ফুকনে ৷

আটক কাকপথাৰৰ সোণ চুৰিকাণ্ডৰ মাষ্টাৰমাইণ্ড
আটক কাকপথাৰৰ সোণ চুৰিকাণ্ডৰ মাষ্টাৰমাইণ্ড

সদিয়া, 24 মাৰ্চ :অৱশেষত ওলাল উৰহী গছৰ ওৰ ৷ বুধবাৰে আৰক্ষীৰ জালত পৰিল কাকপথাৰৰ সোণ চুৰিকাণ্ডৰ লগত জড়িত মাষ্টাৰমাইণ্ড (Kakopathar police arrest a gold thief) ৷ লগতে কাকপথাৰ আৰক্ষীয়ে আটক কৰিছে আন দুই যুৱকক ৷ ঘটনাৰ বিৱৰণি অনুসৰি, চলিত বৰ্ষৰ 17 ফেব্ৰুৱাৰীত কাকপথাৰ 1নং সৰু ডিৰাকৰ দিপ্তী মৰাণ চেতিয়া নামৰ মহিলাগৰাকীৰ বাসগৃহত সংঘটিত হৈছিল এক চুৰিকাণ্ড (Gold theft at Kakopathar) ৷

তাৰ পাচতেই ভুক্তভোগী মহিলাগৰাকীয়ে এই চুৰিকাণ্ড সন্দৰ্ভত কাকপথাৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতেই চুৰিকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত ৷ অৱশেষত প্ৰায় এমাহৰ তদন্তৰ অন্তত এই চুৰিকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত ডিৰাক আমগুৰি নগাঁৱৰ দিনেশ ফুকনৰ পুত্ৰ অনুপ ফুকনক আটক কৰে আৰক্ষীয়ে ৷ লগতে এই ঘটনা সন্দৰ্ভত দুই সোণাৰিকো সোধ-পোচৰ বাবে আটক কৰে কাকপথাৰ আৰক্ষীয়ে ৷

আটক কাকপথাৰৰ সোণ চুৰিকাণ্ডৰ মাষ্টাৰমাইণ্ড

জানিব পৰা মতে, আটকাধীন সোণাৰি কেইটা ক্ৰমে অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰৰ বিজয় শ্বাহ আৰু কাকপথাৰ চহৰৰ ৰামচন্দ্ৰ শ্বাহ । কাকপথাৰ আৰক্ষীয়ে 06/2022 U/S 380/457 IPC নম্বৰত এটা গোচৰ ৰুজু কৰি সোণ চুৰকাণ্ডৰ লগত জড়িত থকা যুৱকসহ চুৰি সোণ ক্ৰয় কৰা দুই সোণাৰিকো প্ৰেৰণ কৰে জেল হাজোতলৈ ৷

উল্লেখ্য যে, 17 ফেব্ৰুৱাৰীৰ দিনা 1 নং সৰু ডিৰাকৰ দিপ্তী মৰাণ চেতিয়াৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চেইন, নেকলেচ, লকেট, খাৰু, ফুলিকে ধৰি মুঠ 9 তোলা সোণ চুৰি হৈছিল (Theft at Kakopathar) ৷ তাৰ পাচতেই দিপ্তী মৰাণ চেতিয়া কাষ চাপিছিল আৰক্ষীৰ ৷ আৰক্ষীৰ প্ৰায় এমহীয়া তদন্তৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই চুৰিকাণ্ডটচোৰ মূল মাষ্টাৰমাইণ্ড আৰু দুই সহযোগীক ৷

লগতে পঢ়ক :Theft in Rangia: হোলীৰ বন্ধৰ সুযোগত চোৰৰ অভিযান

ABOUT THE AUTHOR

...view details