অসম

assam

সাংবাদিক হেমন্ত ৰাজবংশীক সম্বৰ্ধনা অনুৰাগী মঞ্চৰ

By

Published : Nov 14, 2020, 9:39 PM IST

মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ অনুৰাগী মঞ্চই শনিবাৰে লিডুৰ সাংবাদিক হেমন্ত ৰাজবংশীৰ বাসগৃহত উপস্থিত হৈ মাটি চাকি জ্বলাই পোহৰৰ আভাস দিয়াৰ লগতে বিভিন্ন উপহাৰৰ টোপোলা আৰু খাদ্য সামগ্ৰী প্ৰদান কৰে সাংবাদিক গৰাকীক ৷

journalist hemanta rajbongshi felicited by anuragi mancha
সাংবাদিক হেমন্ত ৰাজবংশীক সম্বৰ্ধনা অনুৰাগী মঞ্চৰ

মাৰ্ঘেৰিটা,14 নৱেম্বৰ : দীপাৱলীৰ দিনটোতেই মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ অনুৰাগী মঞ্চৰ এক প্ৰশংসনীয় পদক্ষেপ । মঞ্চৰ আহ্বায়ক জ্যোতিষ ৰায়ৰ নেতৃত্বত লিডুৰ সাংবাদিক হেমন্ত ৰাজবংশীৰ বাসগৃহত উপস্থিত হয় ।

সাংবাদিক হেমন্ত ৰাজবংশীক সম্বৰ্ধনা অনুৰাগী মঞ্চৰ

উল্লেখ্য যে,কেইবছৰমান পূৰ্বে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ গুৰুতৰভাৱে চিকিৎসাধীন হৈছিল সাংবাদিক ৰাজবংশী । চিকিৎসকৰ প্ৰচেষ্টা আৰু বহুজনৰ আৰ্শীবাদত ৰাজবংশীয়ে নতুন জীৱন লাভ কৰে যদিও এতিয়াও তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই ।

সাংবাদিক গৰাকীৰ বাসগৃহত মাটি চাকি জ্বলাই পোহৰৰ আভাস দি অনুৰাগী মঞ্চই ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে বিভিন্ন উপহাৰৰ টোপোলা আৰু খাদ্য সামগ্ৰী আদিৰে মৰম যাচে । অনুৰাগী মঞ্চই আগবঢ়োৱা মৰমে চকু সেমেকাই পেলায় পত্নীসহ সাংবাদিক হেমন্ত ৰাজবংশীৰ ।

লগতে পঢ়ক :সাংবাদিক পৰাগ ভূঞা হত্যাৰ বিৰুদ্ধে এজেপিৰ মৌন প্ৰতিবাদ

ABOUT THE AUTHOR

...view details