অসম

assam

By

Published : Oct 4, 2020, 8:21 PM IST

ETV Bharat / state

শ্বহীদ পৰিয়ালৰ ৰাইজমেলত অনুপস্থিত জিতেন দত্ত

তিনিচুকীয়াৰ কাকপাথাৰত দেওবাৰে অনুষ্ঠিত হোৱা শ্বহীদ পৰিয়ালৰ ৰাইজমেলত উপস্থিত নহ’ল আলোচনাপন্থী নেতা জিতেন দত্ত ৷ উল্লেখ্য যে,বিপ্লব জ্যোতি মহন আৰু আলোচনাপন্থী নেতা জিতেন দত্তৰ মাজত চলি থকা অভিযোগ আৰু প্ৰতি অভিযোগৰ পাচতে শ্বহীদ পৰিয়ালে বিভিন্ন অভিযোগ লৈ অনুষ্ঠিত কৰে এই ৰাইজমেলখন ৷

Swahid family's Raijmel
শ্বহীদ পৰিয়ালৰ ৰাইজমেল

তিনিচুকীয়া,4 অক্টোবৰ: তিনিচুকীয়াৰ কাকপাথাৰত দেওবাৰে শ্বহীদ পৰিয়ালৰ ৰাইজমেল । বিপ্লব জ্যোতি মহন আৰু আলোচনাপন্থী নেতা জিতেন দত্তৰ মাজত চলি থকা অভিযোগ আৰু প্ৰতি অভিযোগৰ পাচতে শ্বহীদ পৰিয়ালে বিভিন্ন অভিযোগ লৈ অনুষ্ঠিত কৰে এই ৰাইজমেলখন ৷ এই ৰাইজমেলত আলোচনাপন্থী আলফা নেতা আৰু সদস্য সকলক উপস্থিত থাকিবলৈ আহ্বান জনাইছিল শ্বহীদ পৰিয়ালে ।

শ্বহীদ পৰিয়ালৰ ৰাইজমেল

কিন্তু ৰাইজ মেলত উপস্থিত নহ’ল আলোচনাপন্থী নেতা জিতেন দত্ত ৷ ফেচবুকৰ জৰিয়তে জিতেন দত্তই জনায় যে,তেওঁ ৰাইজমেলত উপস্থিত থাকিব নোৱাৰে।

শ্বহীদ পৰিয়ালৰ ৰাইজমেল

আনহাতে,ৰাইজমেলখনত অভিযোগকাৰীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ উপস্থিত থাকে আলোচনা পন্থীৰ আলফা নেতা মৃণাল হাজৰিকা ।

শ্বহীদ পৰিয়ালৰ ৰাইজমেল

লগতে পঢ়ক:তেজপুৰস্থিত সেনাৰ গজৰাজ ক'ৰৰ 58তম প্ৰতিষ্ঠা দিৱস পালন

ABOUT THE AUTHOR

...view details