তিনিচুকীয়া, 22 জানুৱাৰী: ডুমডুমাত জুৱেলাৰীৰ দোকানত গহনা চোৰৰ ৰূপত মহিলা (Theft incident at Doomdooma) ৷ CCTV ত বন্দী হৈছে সমগ্ৰ দৃশ্য ৷ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ এখন জুৱেলাৰীৰ দোকানত সংঘটিত হোৱা এক চুৰি কাৰ্যই নগৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নগৰখনৰ নেহৰু পথত অৱস্থিত বৈষ্ণৱ জুৱেলাৰী নামৰ গহনা দোকানখনত ১৩ জানুৱাৰীত এই চুৰিকাণ্ডটো সংঘটিত হৈছিল (Jewelry thief at Doomdooma)৷
জুৱেলাৰীখনৰ গৰাকীৰ ভাষ্য- "আমাৰ দোকানখনত প্ৰতিদিনে দুইৰ পৰা তিনিজন গ্ৰাহক থাকে ৷ ঘটনাটোৰ দিনাও দোকানত দুই তিনিজন গ্ৰাহক থকাৰ মাজতে এগৰাকী মহিলা খৰখেদাকৈ সোমাই আহিছিল ৷ তেওঁ আহিয়েই মোৰ ভাইটিক এটা আঙুঠি দেখুৱাবলৈ ক’লে ৷ তেওঁ আঙুঠি চাই থকাৰ মাজতে মোক কাণফুলি দেখুৱাবলৈ ক’লে ৷ প্ৰায় আধাঘণ্টামান তেওঁ গহনা চাই যদিও তেওঁৰ পচন্দ নহয় ৷
তাৰ মাজতে তেওঁ বাওঁহাতেৰে এযোৰ ফুলি লুকুৱাই ল‘লে ৷ বেলেগ গ্ৰাহক আছিল যদিও মোৰ অলপ সন্দেহ হোৱাত মই বেলেগ চলেৰে তেওঁৰ ফোন নম্বৰটো ৰাখি ল’লো ৷ ইয়াৰ পিছতো মহিলাগৰাকীৰ পচন্দ নোহোৱাত মই তেওঁক পিছত আহিবলৈ ক’লো ৷ মহিলাগৰাকীৰ কাণ্ড দেখি অন্য গ্ৰাহকৰো সন্দেহ ওপজাত আমাক তেওঁলোকেও পিছত কেমেৰাটো পৰীক্ষা কৰিবলৈ দিলে ৷ আমি পৰৱৰ্তী সময়ত কেমেৰাটো চাওঁতেই জোলোঙাৰ মেকুৰী ওলাই পৰে ৷" গহনা দোকানৰ স্বত্বাধিকাৰীয়ে দোকানত হোৱা চুৰিকাণ্ডৰ সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰে (Jeweler owner on theft incident) ৷