তিনিচুকীয়া,6 মার্চঃ এসময়ৰ ৰাইজৰ মৰমৰ জানমণি পুনৰ ৰাইজৰ মাজলৈ আহি আছে । পিছে সাত বছৰৰ বিৰতিৰ অন্তত এন.কে প্ৰডাকচনৰ বেনাৰত এইবাৰ জানমণি পূৰ্ণদৈৰ্ঘ চলচ্চিত্ৰৰ ৰূপত দৰ্শক ৰাইজৰ মাজলৈ আহিব ৩ এপ্ৰিলত । বিমান বৰুৱাৰ সংগীত পৰিচালনাৰে এন.কে প্ৰডাকচনৰ বেনাৰত 2013 চনলৈ নিৰ্মাণ কৰা জানমণি ভিচিডি পাইৰেছি বাবেই নিৰ্মাণ বন্ধ ৰাখিছিল এন. কে প্ৰডাকচনে । বিগত সাত বছৰৰ পিছত ৰাইজৰ মৰমৰ জানমণিক চলচ্চিত্ৰ ৰূপত নিৰ্মাণ কৰিছে এন.কে প্ৰডাকচনে ।
চলচ্চিত্ৰ ৰূপত আহি আছে জানমণি - tinsukia
সুদীৰ্ঘ সাত বছৰৰ বিৰতিৰ অন্তত পুনৰ ৰাইজৰ মাজলৈ ঘূৰি আহিছে মৰমৰ জানমণি । এইবাৰ জানমণিক দেখিবলৈ পাব পূৰ্ণদৈৰ্ঘ চলচ্চিত্ৰৰ ৰূপত ।
শুকুৰবাৰে শদিয়া,কাকপথাৰ, ডুমডুমা, মাকুম আৰু তিনিচুকীয়া মহাবিদ্যালয়ত জানমণি টিম উপস্থিত হৈ ছবিখনৰ প্ৰচাৰ চলাই । প্ৰচাৰ অনুষ্ঠান সমূহত জানমণিক পুনৰ আঁকোৱালি ল'বলৈ ছবিখনত জড়িত থকা কলা-কুশলী সকলে ৰাইজক আহ্বান জনাই । জানমণিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নবাগত অভিনেতা দীপাংকৰ মহন্ত আৰু অভিনেত্ৰী দিগাংগনা বৰাই । জানমণিৰ জন্ম লগ্নৰে পৰা সংগীত পৰিচালক হিছাপে জড়িত হৈ অহা মহেন্দ্ৰ হাজৰিকা, বিমান বৰুৱা আৰু বিপিন চাউদাঙে ছবি খনৰ সংগীত পৰিচালনা আৰু কণ্ঠ নিগৰাইছে । ছবিখন পৰিচালনা কৰিছে বিষ্ণুজ্যোতি সন্দিকৈয়ে।
আৰু পঢ়কঃ অসমৰ পৰা ভূটানলৈ যোৱা পৰ্যটকৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি