অসম

assam

ETV Bharat / state

নিৰ্মীয়মান অৱস্থাতেই পৰি ৰৈছে ডিৰাকৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

ছাত্ৰ-ছাত্ৰীৰ আশাত চেঁচা পানী ঢালি বৰ্তমানেও সম্পূৰ্ণ হৈ নুঠিল শিক্ষা প্ৰতিষ্ঠানখন ৷ অতি শীঘ্ৰেই ঔদ্যোগিক শিক্ষা প্ৰতিষ্ঠানখনৰ কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী স্থানীয় সংগঠনৰ

By

Published : Apr 6, 2019, 10:35 PM IST

ডিৰাকৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

শদিয়া, 6 এপ্ৰিল : আজিকোপতি সম্পূৰ্ণ হৈ নুঠিল তিনিচুকীয়াৰ কাকপথাৰৰ অন্তৰ্গত ডিৰাকৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ৷ 2014 চনতে কংগ্ৰেছ চৰকাৰৰ দিনতে ডিৰাক চাৰিআলিৰ সমীপত স্থাপিত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানখন বৰ্তমানেও অসম্পূৰ্ণ হৈ পৰি ৰৈছে ৷ 2016 চনতে পাঠদান আৰম্ভ হ'বলগীয়া প্ৰতিষ্ঠানখনৰ নিৰ্মাণকাৰ্য আধৰুৱা হৈ ৰোৱাৰ লগতে নিৰ্মীয়মান গৃহ সমূহৰ দেৱালতো সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড ফাঁটৰ ৷ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা উদ্যোগিক শিক্ষাৰ প্ৰতিষ্ঠানখনক লৈ বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে আশাবাদী হৈ পৰিছিল যদিও ছাত্ৰ-ছাত্ৰীসকলৰ আশাত চেঁচা পানী ঢালি বৰ্তমানেও সম্পূৰ্ণ হৈ নুঠিল শিক্ষা প্ৰতিষ্ঠানখন ৷ ইপিনে কংগ্ৰেছ-বিজেপিৰ কুটিল ৰাজনীতিৰ মেৰপেচত সোমাই এনেদৰে শিক্ষা প্ৰতিষ্ঠানখন অসম্পূৰ্ণ হৈ থকাৰ লগতে স্থানীয় বিধায়ক বলীন চেতিয়াইও এইক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

ডিৰাকৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

ইপিনে অতিশীঘ্ৰেই ঔদ্যোগিক শিক্ষা প্ৰতিষ্ঠানখনৰ কাম সম্পূৰ্ণকৰণৰ দ্বাৰা পাঠদানৰ কাম আৰম্ভ কৰাৰ দাবী উত্থাপন কৰে কাকপথাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

ABOUT THE AUTHOR

...view details