শদিয়া, 9 জুলাই : শেহতীয়াকৈ চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া(Central Bank of India)ৰ কাকপথাৰ শাখাই ডাঙি ধৰিছে চূড়ান্ত দায়িত্বহীনতাৰ অন্য এক নিদৰ্শন ৷ বেংকৰ শাখাটোত সংঘটিত হোৱা এক আচৰিত কাণ্ডই চকু কপালত তুলিছে অঞ্চলবাসী ৰাইজৰ ৷ জানিব পৰা মতে, দায়িত্বহীনতাৰ বাবে শাখাটোৰ লকাৰৰ মূল ছাবিপাত হেৰুৱাই পেলাইছিল বেংক কৰ্তৃপক্ষই ৷ পিছে, কথা ইমানতে শেষ নহ’ল ৷ শুকুৰবাৰে পুৱাৰে পৰা শাখাটোৰ শ শ গ্ৰাহক নিজৰ যাৱতীয় কাৰ্য সম্প্ৰাদান কৰিবলৈ যায় ৷ কিন্তু, এই সময়চোৱাত শাখাটোৰ কৰ্তৃপক্ষই চূড়ান্ত মিথ্যাচাৰৰ আশ্ৰয় লৈ লিংক ফেইল(link fail)ৰ ফলক লগাই আভুৱা ভাৰে গ্ৰাহকক ৷
উল্লেখযোগ্য যে, বৃহত্তৰ কাকপথাৰ অঞ্চলৰ বৃত্তীয় খণ্ডত বেংকৰ শাখা(bank branch) বুলিবলৈ আছে মাত্ৰ দুটা ৷ গতিকে, স্বাভাৱিকতেই ইয়াৰে এটা হোৱাৰ বাবে দৈনিক শ শ লোকৰ সমাগম হয় চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ শাখাটোত ৷ আন সকলো দিনাৰ দৰেই শুকুৰবাৰৰ দিনটোতো অনুৰূপ ধৰণেই শখাটোলৈ আহিছিল বহু সংখ্যক গ্ৰাহক ৷ অৱশ্যে, বেংক কৰ্তৃপক্ষৰ দ্বাৰা লগাই থোৱা লিংক ফেইলৰ ফলকখন দেখি বিফল মনে ঘৰলৈ ওভতে বহু গ্ৰাহক ৷