অসম

assam

ETV Bharat / state

মাৰ্ঘেৰিটাৰ কয়লাখনিত লোহা চোৰৰ উপদ্ৰৱ

মাৰ্ঘেৰিটা মহকুমাত বৃদ্ধি পাইছে লোহা চোৰৰ উপদ্ৰৱ । একাংশ স্থানীয় লোকৰ সহযোগত এতিয়া দীৰ্ঘদিনে বন্ধ হৈ থকা কয়লাখনিসমূহ এফালৰ পৰা উদং কৰিছে এচাম অসৎ লোহা বেপাৰীয়ে ।

By

Published : May 30, 2021, 10:08 AM IST

iron-thief-creating-terror-in-coal-mines-of-margherita
মাৰ্ঘেৰিটাৰ কয়লাখনিত চোৰৰ উপদ্ৰৱ

মাৰ্ঘেৰিটা,30 মে’:চোৰাং ব্যৱসায়ীৰ ৰম্যভূমি হৈ পৰিছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমা । সমগ্ৰ মহকুমাটোত চোৰাং কাঠ, কয়লা, শিল-বালি, ড্ৰাগছ-কানিৰ লগতে শেহতীয়াকৈ অবাধ গতিত অব্যাহত আছে লোহাৰ চোৰাং ব্যৱসায় ।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি উত্তৰ-পূৱৰ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটা বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত লোহাৰ চোৰাং ব্যৱসায় অব্যাহত আছে । ইতিমধ্যে, বৃটিছৰ আমোলতে স্থাপন হোৱা ভূ-গৰ্ভ কয়লাখনি টিপং, টিৰাপৰ লাচিত খনি, টিককৰ কে-দ্বীপ, বৰগোলাই আৰু নামদাং এই আটাইকেইটা ভূ-গৰ্ভ কয়লাখনি বন্ধ হৈ আছে । ফলস্বৰূপে, দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা কয়লা খনি কেইটাত বৰ্তমান চোৰাং লোহাৰ এখন ৰমৰমীয়া বজাৰ গঢ়ি উঠিছে আৰু ইতিমধ্যে আটাইকেইটা কলিয়ৰীৰ লোহাসমূহ নিঃশেষ হৈছে ।

মাৰ্ঘেৰিটাৰ কয়লাখনিত লোহা চোৰৰ উপদ্ৰৱ

বিশেষকৈ খনিসমূহত উৎপাদিত কয়লা সৰবৰাহ কৰিবৰ বাবে ব্যৱহাৰ কৰা ডাম্পাৰসমূহ বৰ্তমান কলিয়ৰী বন্ধ হৈ থকাত ব্যৱহাৰৰ অনুপযোগী হৈ পৰাৰ বাবে স্থানীয় একাংশ লোকৰ দ্বাৰা লোহা বেপাৰীয়ে চুৰি কৰি সহজ ধন উপাৰ্জনৰ পথ বাচি লোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ এতিয়া বিষয়টোৰ ওপৰত কৰ্তৃপক্ষক অধিক গুৰুত্ব প্ৰদানৰ আহ্বান জনাইছে সচেতন মহলে ৷

লগতে পঢ়ক:পৰেশ বৰুৱাৰে ইটিভি ভাৰতৰ Exclusive সাক্ষাৎকাৰ...

ABOUT THE AUTHOR

...view details