অসম

assam

ETV Bharat / state

Football tournament: তিনিচুকীয়াত শ্বহীদ বিনন্দ মৰাণ সোঁৱৰণী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা - Assam Football match

তিনিচুকীয়াত একাদশ বাৰ্ষিক জাতীয় শ্বহীদ বিনন্দ মৰাণ সোঁৱৰণী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা ৷ তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত, সদৌ মৰাণ ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত, বাৰেকুৰি আঞ্চলিক ক্ৰীড়া সন্থা আৰু যজ্ঞোখোৱা জ্যোতিৰ্ময় যুৱ সংঘৰ সহযোগত আয়োজন কৰা হয় এই প্ৰতিযোগিতাখনি ।

Invitational football tournament in Tinsukia
তিনিচুকীয়াত আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 8:31 AM IST

তিনিচুকীয়াত আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা

তিনিচুকীয়া, ২৬ আগষ্ট: তিনিচুকীয়াত জাতীয় শ্বহীদ বিনন্দ মৰাণ সোঁৱৰণি আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা আৰম্ভ । শনিবাৰৰ পৰা আৰম্ভ হোৱা ফুটবল প্ৰতিয়োগিতাখনি ৩ ছেপ্তেম্বৰত সামৰণি পৰিব । তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত, সদৌ মৰাণ ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত, বাৰেকুৰি আঞ্চলিক ক্ৰীড়া সন্থা আৰু যজ্ঞোখোৱা জ্যোতিৰ্ময় যুৱ সংঘৰ সহযোগত আয়োজন কৰা হয় এই ফুটবল প্ৰতিযোগিতাখনি ।

যজ্ঞোখোৱা ৰাজহুৱা খেলপথাৰত ১৫ বছৰ অনুৰ্ধ্বৰ একাদশ বাৰ্ষিক জাতীয় শ্বহীদ বিনন্দ মৰাণৰ সোঁৱৰণি আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ কেইবাটাও দলে । শনিবাৰে বাৰেকুৰি ফুটবল ক্লাৱ আৰু লাইপুলি ফুটবল ক্লাৱৰ মাজত অনুষ্ঠিত হোৱা খেলাখন তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জীৱন বৰুৱাই শুভ উদ্বোধন কৰে ।

দুয়োপক্ষৰ মাজত এক উত্তেজনামূলক খেলৰ অন্তত বাৰেকুৰি ফুটবল ক্লাৱে লাইপুলি ফুটবল ক্লাৱক ১-০ গ’লত পৰাজিত কৰে ৷ শনিবাৰৰ আৰম্ভণি খেলখনত প্ৰাক্তন ৰেফাৰী তথা ক্ৰীড়া সংগঠক শংকৰ গুপ্ত, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেৱকান্ত মৰাণ, উপ সভাপতি পলিন্দ্ৰ বৰা, বাৰেকুৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি অচ্যুত মৰাণ, বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ সম্পাদক মানৱ চেতিয়াৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

উল্লেখ্য যে, তিনিচুকীয়াত ক্ৰমান্বয়ে গঢ় লৈ উঠিছে এক ক্ৰীড়াৰ পৰিৱেশ । নৱপ্ৰজন্মৰ মাজত ক্ৰীড়াৰ মনোভাৱ বৃদ্ধি কৰাৰ বাবে বিভিন্ন দল-সংগঠনে প্ৰায়েই অনুষ্ঠিত কৰি আহিছে এনে প্ৰতিযোগিতাসমূহ । সাধাৰণতে ১৫ বছৰৰ অনুৰ্ধ্বৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা নহয় । যাৰ পৰিপ্ৰেক্ষিতত সুপ্ত প্ৰতিভসমূহে মঞ্চ নাপায় । এনে বিষয় প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা এই প্ৰতিযোগিতাৰ জৰিয়তে অঞ্চলটোৰ খেলুৱৈসকল যথেষ্ট উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে উদ্যোক্তাসকলে ।

লগতে পঢ়ক:Rumor at Jonai: অস্বাভাৱিক আকৃতিৰ শিলাখণ্ডক লৈ জোনাইত হৈ চৈ; ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ সকীয়নি গঞাৰ

ABOUT THE AUTHOR

...view details