অসম

assam

ETV Bharat / state

ডিগবৈত নিচাযুক্ত টেবলেটসহ ৭ জনক গ্ৰেপ্তাৰ - পানবাৰীত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় সৰবৰাহকাৰী কেইজনক

এতিয়াও ৰাজ্যত অব্যাহত আছে নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ । চাৰিওফালে আৰক্ষী সষ্টম হৈ থকাৰ মাজতে ডিগবৈত এইবাৰ উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট ।

Intoxicating tablets
ডিগবৈত নিচাযুক্ত টেবলেটসহ ৭ জনক গ্ৰেপ্তাৰ

By

Published : Aug 18, 2021, 4:18 PM IST

তিনিচুকীয়া,১৮ আগষ্ট :ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছকে (Drugs) ধৰি নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ (Assam Police) অভিযান অব্যাহত আছে । অৱশ্যে তাৰ মাজতো দুষ্টচক্ৰই আৰক্ষীৰ চকুত ধুলি দি অব্যাহত ৰাখিছে এনে দুষ্কাৰ্য । যাৰ বাবে আৰক্ষীয়ে অভিযানৰ নতুন নতুন কৌশল হাতত লৈছে ।

এইবাৰ ডিগবৈত নিশা চলিল আৰক্ষীৰ ব্যাপক অভিযান । অভিযানত আৰক্ষীয়ে বৃহৎ সংখ্যক নিচাযুক্ত টেবলেটসহ সাতজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । লগতে আৰক্ষীয়ে জব্দ কৰে AS-২৩-Z-৯৩৪৩ নম্বৰৰ এখন চাৰিচকীয়া বাহন ।

ডিগবৈত নিচাযুক্ত টেবলেটসহ ৭ জনক গ্ৰেপ্তাৰ

আৰক্ষীয়ে জনোৱা মতে এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে এই অভিযান চলাইছিল । জানিব পৰা মতে, ডিব্ৰুগড়ৰ পৰা পেঙেৰীলৈ চাৰিচকীয়া বাহনখনত নিচাযুক্ত টেবলেটসমূহ লৈ গৈ থকা অৱস্থাত মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পাৰ্থপ্ৰতীম দাসৰ নেতৃত্বত অভিযান চলোৱা আৰক্ষী দলটোৱে পানবাৰীত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় সৰবৰাহকাৰী কেইজনক ।

জব্দ কৰা টেবলেটৰ পৰিমাণ হৈছে ১,১৫০ টা । আনহাতে ধৃত লোককেইজন ক্ৰমে পেঙেৰীৰ জীৱন মৰান, সিদ্ধান্ত দহোতিয়া, মাধুৰ্য বৰুৱা, বিমান বৰুৱা, ৰাজ কৰ্মকাৰ, পদুম মৰাণ আৰু কৰুনাকান্ত বৰুৱা । বৰ্তমান তেওঁলোকক আৰক্ষীয়ে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :পুনৰ মহানগৰ আৰক্ষীৰ ফান্দত Drugs Peddler

ABOUT THE AUTHOR

...view details