অসম

assam

International Labour Day 2022 : শ্ৰমিক দিৱস উপলক্ষে তিনিচুকীয়াত 'উজ্জ্বলা দিৱস' উদযাপন

By

Published : May 1, 2022, 10:41 PM IST

তিনিচুকীয়াতো উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস । শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ লগতে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যৌথ উদ্যোগত তথা শ্ৰমিক কল্যাণ বিভাগৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস উদযাপন কৰা হয় (Labour day in Tinsukia) ৷ তিনিচুকীয়াৰ বৰদলৈ নগৰস্থিত উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় শ্ৰমিক দিৱসৰ লগতে উজ্বলা দিৱস ।

International Labour Day 2022
শ্ৰমিক দিৱস উপলক্ষে তিনিচুকীয়াত 'উজ্জ্বলা দিৱস' উদযাপন

তিনিচুকীয়া, 1 মে’: সমগ্ৰ দেশৰ লগতে তিনিচুকীয়াতো উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস (Labour day in Tinsukia)। ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ লগতে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যৌথ উদ্যোগত তথা শ্ৰমিক কল্যাণ বিভাগৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস উদযাপন কৰা হয় ৷ তিনিচুকীয়াৰ বৰদলৈ নগৰস্থিত উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় শ্ৰমিক দিৱসৰ লগতে উজ্জ্বলা দিৱস (Ujjwala Diwas 2022)।

উক্ত অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰ্চিং পাৱাৰ, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী সঞ্জয় কিষান, ডিগবৈৰ বিধায়ক সুৰেণ ফুকনৰ লগতে ইণ্ডিয়ান অইলৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া । এই অনুষ্ঠানতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজক সেৱা আগবঢ়াই অহা ৩০০ গৰাকী শ্ৰমিকক ই-শ্ৰম কাৰ্ড, উজ্জ্বলা আঁচনিৰ জৰিয়তে চিলিণ্ডাৰ বিতৰণ, চাহ বাগিছাৰ চকীদাৰসকলক মোবাইল ফোন, চাইকেল বিতৰণৰ লগতে সকলোকে এটাকৈ গছৰ পুলি প্ৰদান কৰে ।

শ্ৰমিক দিৱস উপলক্ষে তিনিচুকীয়াত 'উজ্জ্বলা দিৱস' উদযাপন

আনহাতে উক্ত অনুষ্ঠানত শ্ৰমিকসকলক ই পি এফ আৰু কোভিডত প্ৰাণ হেৰুওৱা পৰিয়ালৰ সদস্যসকলক প্ৰায় ৫০ লক্ষাধিক টকা চেকযোগে প্ৰদান কৰে । অনুষ্ঠানৰ শেষত পদ্মশ্ৰী দুলাল মানকীয়ে শ্ৰমিকৰ গীত গাই অনুষ্ঠানৰ সামৰণি মাৰে (Padma Shri Dulal Manki)।

লগতে পঢ়ক:ডিব্ৰুগড়ত মুকলি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন গৰু এম্বুলেঞ্চ

ABOUT THE AUTHOR

...view details