অসম

assam

ETV Bharat / state

তিনিচুকীয়া মটক ছাত্ৰ সন্থাৰ পৰা বহিস্কাৰ দুই নেতাক

সংগঠনৰ সংবিধানৰ বাহিৰত থাকি নিজ ইচ্ছামতে তথা একনায়কত্বভাৱে কাম কৰাৰ অভিযোগৰ ভিত্তিত সদৌ অসম মটক ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়া মণ্টু ৰাজকোঁৱৰ আৰু মিন্টু কলিতাক বহিস্কাৰ সংগঠনটোৰ পৰা ।

By

Published : Feb 25, 2021, 3:31 PM IST

তিনিচুকীয়া মটক ছাত্ৰ সন্থাৰ পৰা বহিস্কাৰ দুই নেতাক
তিনিচুকীয়া মটক ছাত্ৰ সন্থাৰ পৰা বহিস্কাৰ দুই নেতাক

তিনিচুকীয়া, ২৫ ফেব্ৰুৱাৰী: সদৌ অসম মটক ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়া মণ্টু ৰাজকোঁৱৰ আৰু মিন্টু কলিতাক বহিস্কাৰ সংগঠনটোৰ পৰা । প্ৰেছ বিবৃতিযোগে এই কথা সদৰী কৰে তিনিচুকীয়া জিলা সমিতিয়ে ।

সংগঠনৰ সংবিধানৰ বাহিৰত থাকি নিজ ইচ্ছামতে তথা একনায়কত্বভাৱে কাম কৰাৰ অভিযোগ দুয়োজনৰ বিৰুদ্ধে । যাৰবাবে সদৌ অসম মটক ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে মণ্টু ৰাজকোঁৱৰ আৰু মিন্টু কলিতাক বহিস্কাৰ কৰে । লগতে ডিৰাক আঞ্চলিক সমিতিখনে তিনিচুকীয়া জিলাৰ কোনো বিষয়ববীয়াৰ লগত যোগাযোগ নকৰাকৈ নিজ ইচ্ছানুসাৰে অসংবিধানিক কাম কৰাৰ বাবে ডিৰাক আঞ্চলিক সমিতিখনো ভংগ কৰে ।

তিনিচুকীয়া মটক ছাত্ৰ সন্থাৰ পৰা বহিস্কাৰ দুই নেতাক

আনহাতে তিনিচুকীয়া জিলা প্ৰশাসনক মটক জনগোষ্ঠীয়ে ৰাইজক বিভ্ৰান্তিৰ সৃষ্টি কৰি জনমানসত হেয় প্ৰতিপন্ন কৰা ব্যক্তিসকলক চিনাক্তকৰণ কৰি অতিশীঘ্ৰে আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় সদৌ অসম মটক ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে ।

লগতে পঢ়ক:ইণ্ডিকাত গৰু চৰু কৰিবলৈ আহি ৰাইজৰ জালত চোৰ

ABOUT THE AUTHOR

...view details