তেজপুৰ, 15 অক্টোবৰ :বৰ্তমানেও উত্তৰ ছিকিমত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ভাৰতীয় সেনাই ৷ উল্লেখ্য যে, উত্তৰ ছিকিমত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বানৰ বাবে প্ৰায় 52 জন লোকৰ মৃত্যু হোৱাৰ লগতে 22 জন সেনা জোৱানসহ 80 জন লোক নিৰুদ্দেশ হৈছিল ৷
প্ৰাকৃতিক দুৰ্যোগৰ পাচতে প্ৰতিকূল বতৰকো নেওচি ঘন জংঘল আৰু এঢলীয়া পাহাৰীয়া ভূখণ্ডৰ মাজেৰে আগবাঢ়ি গৈ সেনাই উত্তৰ ছিকিমৰ ৰাবোম গাঁৱত আৱদ্ধ হৈ থকা 245 জন লোকক উদ্ধাৰ কৰে । 24 ঘণ্টাৰ ভিতৰত ভাৰতীয় সেনাৰ সাহসী জোৱানসকলে 14.8 কিঃ মিটাৰ পথ অতিক্ৰম কৰি কুণ্ডন জল শক্তি প্ৰকল্পৰ 97 জন শ্ৰমিক আৰু আৱদ্ধ হৈ থকা প্ৰায় 100 জন স্থানীয় লোকক উদ্ধাৰ কৰে ।
বৰ্তমান গাঁওখনত সেনাই হেলিপেড তৈয়াৰ কৰিছে ৷ আনহাতে নিৰাপদ ফুট ট্ৰেক তৈয়াৰ কৰি ৰাবোম, মেনশ্বিথাং আৰু চুবিনত আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে সহায় কৰি আহিছে সেনাই । দীৰ্ঘ সময়ৰ এই অভিযানৰ বাবে দায়িত্ব বহন কৰি থকা সেনাই আৱদ্ধ হৈ থকা লোকসকলৰ সৈতে খাদ্য আৰু চিকিৎসা সাহায্য আগবঢ়াই আহিছে ।