অসম

assam

ETV Bharat / state

বাৰিষাৰ আগতে সম্পূৰ্ণ হ'ব নে মথাউৰি মেৰামিতৰ কাম !

বাৰিষা সমাগত ৷ লক্ ডাউনৰ বাবে স্তব্ধ স্থবিৰ হৈছে মথাউৰি নিৰ্মাণৰ কাম ৷ যাৰ বাবে চিন্তিত হৈছে নৈপৰীয়া ৰাইজ ৷ বাৰিষাৰ পূৰ্বেই মথাউৰি সমূহৰ নিৰ্মাণ সম্পূৰ্ণ নহ'লে কেনেকৈ ৰক্ষা পৰিব বানে ধোৱা অঞ্চলৰ ৰাইজ ৷

river embankment
river embankment

By

Published : May 2, 2020, 4:57 PM IST

2 মে' শদিয়া : সমাগত বাৰিষাই ৰাজ্যলৈ কঢ়িয়াইছে আন এক চিন্তা ৷ প্ৰতিবছৰৰ দৰে বাৰিষাৰ আগমূৰ্হূত্বত মথাউৰি সমূহৰ নিৰ্মাণ কাম আৰম্ভ হৈছে ৰাজ্যত ৷ কিন্তু লক্ ডাউনৰ বাবে এই নিৰ্মাণত কিছু স্থবিৰতা আহি পৰিছে ৷ তিনিচুকীয়া জিলাৰ অতিকৈ ভয়ংকৰ সমস্যা ডিৰাক চুমনি বান্ধৰো নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে জলসম্পদ বিভাগে ৷ 4 কোটি, 80 লাখ টকা ব্যয়েৰে জলসম্পদ বিভাগে আৰম্ভ কৰিছে মথাউৰিটোৰ নিৰ্মাণ ৷ তিনিচুকীয়া প্ৰণৱ চেতিয়া নামৰ ঠিকাদাৰ জনৰ তদাৰকত মথাউৰিটোৰ চল্লিশ শতাংশ কাম ইতিমধ্যে সমাপ্ত হৈছে ৷

অসম্পূৰ্ণ মথাউৰিয়ে চিন্তিত কৈছে নৈ পৰীয়া ৰাইজক

যোৱা বৰ্ষৰ মে' মাহৰ ৫ তাৰিখে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই উক্ত মথাউৰিতো পৰিদৰ্শন কৰি পিচ দিনাৰে পৰা মথাউৰিটোৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি দিছিল যদিও বিগত বৰ্ষত কোনা কাম নহ'ল মথাউৰিটোত ৷ চলিত বৰ্ষৰ মাৰ্চ মাহৰ প্ৰথম ভাগত SOPT আচঁনিৰ যোগেদি কাম আৰম্ভ হৈছিল যদিও দেশত আৰম্ভ হোৱা লক্ ডাউনৰ বাবে মাজত এটা মাহে বন্ধ হৈ আছিল নিৰ্মাণৰ কাম ৷

লক ডাউন শিথিল কৰাত নিৰ্মাণৰ কাম পুনৰ আৰম্ভ হৈছে মথাউৰিটোত ৷ বাৰিষাৰ পূৰ্বেই মথাউৰিটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব নে নাই সেয়াহে লক্ষণীয় হ'ব ৷

লগতে পঢ়ক :বঙাইগাঁৱত নিচাসক্ত পুত্ৰক হত্যা পিতৃৰ

ABOUT THE AUTHOR

...view details