মাৰ্ঘেৰিটা, 4 ডিচেম্বৰ :মাৰ্ঘেৰিটাৰ বিশিষ্ট ব্যৱসায়ী পংকজ চৌধুৰীৰ বাসগৃহত 'আয়কৰ বিভাগ'ৰ অভিযান ৷ পুৱাৰে পৰা ব্যৱসায়ীজনৰ বাসগৃহত আৰক্ষীৰ বৃহৎ দলে তালাচী অভিযান চলায় ৷
জানিব পৰা মতে, কয়লাৰ চোৰাং ব্যৱসায়ৰ সৈতে পংকজ চৌধুৰীৰ নাম জড়িত হৈ আহিছিল ৷ বিভিন্ন সংবাদ মাধ্যমতো ব্যৱসায়ী জনৰ বিৰুদ্ধে সংবাদ পৰিৱেশন কৰা হৈছিল ৷