অসম

assam

ETV Bharat / state

অনিৰ্দিষ্ট কাললৈ বন্ধ নাহৰকটীয়া লেঙেৰিজান চাহ বাগিছা - tea garden

নাহৰকটীয়া লেঙেৰিজান চাহ বাগিছাৰ এক ব্যতিক্ৰমী পদক্ষেপ ৷ বাগিচা কৰ্তৃপক্ষই মঙলবাৰৰে পৰা প্ৰযোজ্য হোৱাকৈ বাগিছা খনৰ ভিতৰত জৰুৰীকালীন সেৱাত জড়িত লোকসকলৰ বাদে অন্য কোনো বাহিৰা লোক যাতে প্ৰৱেশ কৰিব নোৱাৰে সেই উদ্দেশ্যে বাগিছা খনলৈ অহা প্ৰতিখন প্ৰৱেশদ্বাৰ অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰিছে ।

নাহৰকটীয়া লেঙেৰিজান চাহ বাগিছা অনিৰ্দিষ্ট কাললৈ বন্ধৰ ঘোষণা
নাহৰকটীয়া লেঙেৰিজান চাহ বাগিছা অনিৰ্দিষ্ট কাললৈ বন্ধৰ ঘোষণা

By

Published : May 11, 2021, 12:19 PM IST

তিনিচুকীয়া, 11 মে’ : ডিব্ৰুগড় জিলাৰ কেইবাখনো চাহ বাগিচাৰ শ্ৰমিকৰ মাজত ক’ভিড ৰোগৰ গণসংক্ৰমন হোৱাৰ পিছতো একমাত্ৰ ব্যৱসায়িক স্বাৰ্থৰ বাবেই প্ৰশাসন আৰু বাগিচা কৰ্তৃপক্ষই বাগিচা সমূহৰ কাম কাজ অব্যাহত ৰখাৰ ফলত শ্ৰমিক সকলৰ মাজত এই ৰোগ ভয়ংকৰ গতিত বৃদ্ধি পাইছে ৷ এনে সংকটৰ সময়ত নিজৰ বাগিচাৰ শ্ৰমিক সকলৰ মাজত মহামাৰী কৰ’ণাৰ দৰে ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাই ভয়ংকৰ ৰূপ নলয়, তাৰ প্ৰতি লক্ষ্য ৰাখি নাহৰকটীয়াৰ লেঙেৰিজান চাহ বাগিছা কৰ্তৃপক্ষই এক ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে ।

নাহৰকটীয়া লেঙেৰিজান চাহ বাগিছা অনিৰ্দিষ্ট কাললৈ বন্ধৰ ঘোষণা

সেই অনুসৰি বাগিচা কৰ্তৃপক্ষই মঙলবাৰৰে পৰা প্ৰযোজ্য হোৱাকৈ বাগিছা খনৰ ভিতৰত জৰুৰীকালীন সেৱাত জড়িত লোক সকলৰ বাদে অন্য কোনো বাহিৰা লোক যাতে প্ৰৱেশ কৰিব নোৱাৰে সেই উদ্দেশ্যেৰে বাগিছা খনলৈ অহা প্ৰতিখন প্ৰৱেশদ্বাৰ অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰিছে । একেদৰে বাগিচা খনৰ লোকসকলকো সকলো সময়তে মাস্ক পৰিধান কৰিবলৈ জাননী জাৰি কৰাৰ লগতে শ্ৰমিক সকলে বাগিছা খনলৈ কাম কৰিবলৈ অহাৰ সময়ত সামাজিক দূৰত্ব মানি চলা আৰু মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰি তুলিছে । ইয়াৰ লগতে বাগিচা কৰ্তৃপক্ষই শ্ৰমিক সকলে পাত চিঙা, পাত জোখা আৰু দৰমহা প্ৰদান কৰাৰ সময়তো বিশেষ সতৰ্কতা অৱলম্বন কৰি অহাৰ ফলত এই পৰ্যন্ত বাগিছা খনৰ এগৰাকীও শ্ৰমিক বা কৰ্মচাৰীৰ দেহত ক'ভিড-১৯ৰ ভাইৰাছে আক্ৰমণ কৰিব পৰা নাই বুলি অনুমান কৰিছে ।

উল্লেখ্য যে, এই মহামাৰীৰ পৰা কিদৰে নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰি বাগিছা খনৰ পৰিচালক বিশাল সিং নেৱাৰ, সহকাৰী পৰিচালক গুৰতেশ সিং বল আৰু বাগিছা খনৰ সমাজ কল্যাণ বিষয়া প্ৰাঞ্জল শৰ্মাই প্ৰতিটো সময়তে শ্ৰমিক সকলৰ মাজত সজাগতা সৃষ্টি কৰি অহাৰ লগতে জৰুৰী কাম কাজ নাথাকিলে বাগিছাৰ এলেকাৰ পৰা বাহিৰ নহ’বলৈ শ্ৰমিক সকলক আহ্বান জনাইছে ।

লগতে পঢ়ক : তেজপুৰত জিলা উপায়ুক্তক অত্যাধুনিক এম্বুলেঞ্চ অৰ্পণ

ABOUT THE AUTHOR

...view details